সাংস্কৃতিক কৰ্মী চাণক্য চুতীয়াৰ বিয়োগ

ঢকুৱাখনা বালিগাঁৱৰ এগৰাকী উদ্যমী সমাজপ্ৰিয় যুৱক, শংকৰী সংস্কৃতিৰ অগ্ৰণী সাংস্কৃতিক কৰ্মী, ঢকুৱাখনা জিলা চুতীয়া যুৱ সন্মিলনৰ প্ৰচাৰ সম্পাদক চাণক্য চুতীয়াই (পংকিল) সোমবাৰে নিশা অকাল মৃত্যুক সাৱটি লয়

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
hjgjk

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা বালিগাঁৱৰ এগৰাকী উদ্যমী সমাজপ্ৰিয় যুৱক, শংকৰী সংস্কৃতিৰ অগ্ৰণী সাংস্কৃতিক কৰ্মী, ঢকুৱাখনা জিলা চুতীয়া যুৱ সন্মিলনৰ প্ৰচাৰ সম্পাদক চাণক্য চুতীয়াই (পংকিল) সোমবাৰে নিশা অকাল মৃত্যুক সাৱটি লয় । সোমবাৰে সামান্য পেটৰ ৰোগত আক্ৰান্ত হোৱা মৃদুভাষী, হাস্যমুখী, সুনিপুন ভাৱৰীয়া  চাণক্যৰ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত ক্ষীপ্ৰতাৰে ডিব্ৰুগড়লৈ উন্নত জৰুৰী চিকিৎসাৰ বাবে নিয়া হৈছিল। 

Advertisment

কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰে সৰলমনা যুৱকজনে । অতি কম সময়ৰ জীৱন পৰিক্ৰমাতে নিজৰ জ্ঞান, সংস্কৃতি আৰু সাংস্কৃতিক প্ৰতিভাৰে জিলিকি উঠা চাণক্য চুতীয়াৰ আকস্মিক বিয়োগত শোকাচন্ন ঢকুৱাখনাবাসী । মর্মাহত হৈছে  অজস্ৰজন।  

কালি নিশাই যুৱকজনৰ নিথৰ দেহ বালি গাঁৱৰ স্বগৃহলৈ অনাৰ পাছত এক শোকাকূল পৰিবেশত মঙ্গলবাৰে পুৱা শেষকৃত্য সম্পন্ন কৰা হয়। ঢকুৱাখনা বালিগাঁৱৰ এগৰাকী অগ্ৰণী সমাজপ্রিয় সংস্কৃতিপ্ৰেমীৰ বিয়োগত বালিগাঁও নাট্য সমাজৰ উপৰিও চুতীয়া যুৱ সন্মিলন ,অসমৰ সাধাৰণ সম্পাদক কৌস্তভ কিশোৰ চুতীয়া, চুতীয়া যুৱ সন্মিলন, অসমৰ ঢকুৱাখনা জিলা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । 

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ২৭ বছৰ। যুৱকজনে  পিতৃ মাতৃ ,ইষ্ট কুটুম্বসহ অজস্ৰ গুণমুগ্ধক ইহ সংসাৰত এৰি গৈছে ।

dhakuakhana