/asomiyapratidin/media/media_files/2025/01/29/WfpdpaIJGEsdrHuB07jo.jpg)
ঢকুৱাখনা মহাবিদ্যালয়ৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা
ডিজিটেল সংবাদ, ঢকুৱাখনা : উত্তৰ অসমৰ এখন গৰিমামণ্ডিত মহাবিদ্যালয় হৈছে ঢকুৱাখনা মহাবিদ্যালয় । গুণগত আৰু মূল্যবোধৰ শিক্ষাৰে উৎকৃষ্ট মানৱ সম্পদ গঢ়ি স্বায়ত্ব শাসিত মহাবিদ্যালয়লৈ উন্নীত হৈছে এইখন মহাবিদ্যালয় ।
এই মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত হৈছে ৫৮ সংখ্যক বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ । মহাবিদ্যালয়খনৰ হাজাৰ বিজাৰ শিক্ষাৰ্থী আৰু শিক্ষক কৰ্মচাৰীৰ ওতঃপ্ৰোত অংশগ্ৰহনেৰে আৰম্ভ হোৱা এই মহাবিদ্যালয় সপ্তাহৰ বুধবাৰে তৃতীয় দিনৰ মূল কাৰ্যসূচী বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰা হয় ।
/asomiyapratidin/media/media_files/2025/01/29/3IvOxeOLppOUaRjfkyEf.jpg)
ঢকুৱাখনা মহাবিদ্যালয় চৌহদৰ পৰা উলিওৱা দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে ঘিলামৰাৰ নৰ্থ বেংক মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক শোভ দাসে । সাম্প্ৰতিক প্ৰেক্ষাপটত থলুৱা সমাজ, সংস্কৃতি, ৰীতি নীতি, লোক পৰম্পৰা, উৎসৱ পাৰ্বনৰ লগতে বিশ্ব পৰিমণ্ডলৰ উত্তৰণ আৰু ক্ৰম বিকাশৰ প্ৰতীকী উপস্থাপনেৰে সমৃদ্ধ কৰি উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰা এক ব্যতিক্ৰমী আৰু অগতানুগতিক বুলি মন্তব্য কৰি এনে শোভাযাত্ৰাই সমৃদ্ধিশালী স্বাভিমানী ঢকুৱাখনাৰ সুকীয়া পৰিচয় দাঙি অহা বুলি মন্তব্য কৰে।
/asomiyapratidin/media/media_files/2025/01/29/W9jWwhJHXlyF4a90Fjgk.jpg)
ঢকুৱাখনা স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূত ,উপাধ্যক্ষ চিত্ৰ কুমাৰ কোচকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক শিক্ষক কৰ্মচাৰী আৰু শিক্ষাৰ্থী উপস্থিত থাকে উদ্বোধনী অনুষ্ঠানত। অসমীয়া লোক কৃষ্টি সংস্কৃতিৰ বৰঘৰ জিলিকাই তোলা কৃষ্টি সংস্কৃতি , বিভিন্ন জাতি জনগোষ্ঠীৰ লোক পৰম্পৰা, থলুৱা উৎসৱ পাৰ্বন, বিশ্বায়নৰ নেতিবাচক প্ৰভাৱ , পাৰিপাৰ্শ্বিক প্ৰদূষনৰ কু প্ৰভাৱ, থলুৱা খেল ধেমালি ,আদি সকলো দিশ সামৰি প্ৰতীকী উপস্থাপন কৰা হয় এই মনোমোহা সাংস্কৃতিক শোভাযাত্ৰাত ।
/asomiyapratidin/media/media_files/2025/01/29/p8qbxEhd6phU1Dj2F5lL.jpg)
অগণন দৰ্শকক সন্মোহিত কৰা পৰুৱাৰ লানি নিছিগা সোঁতৰ দৰে এই বিশাল সাংস্কৃতিক শোভাযাত্ৰাই মহাবিদ্যালয় চৌহদৰ পৰা ঢকুৱাখনা নগৰ চাৰি আলি হৈ পুনৰ মহাবিদ্যালয়ত সামৰণি মাৰে ।