সাংস্কৃতিক গোষ্ঠী কল্লোলৰ ৫৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

নগাঁৱৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী কল্লোলৰ ৫৩ সংখ্যক প্ৰতিষ্ঠা দিৱসটি দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত পালন কৰা হয়। আজিৰ এই দিনটোত কথাছবি নিৰ্মাতা আৰু পৰিচালক পাৰভেজ আহমেদক "আমি সতীৰ্থ"ৰ ফালৰ পৰা এখনি ফুলাম গামোচা আৰু এখন প্ৰশস্তি পত্ৰৰ দ্বাৰা সম্বৰ্দ্ধনা জনোৱা হয়। 

author-image
Asomiya Pratidin
New Update
SXG

ডিজিটেল সংবাদ, নগাঁও : নগাঁৱৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী কল্লোলৰ ৫৩ সংখ্যক প্ৰতিষ্ঠা দিৱসটি দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত পালন কৰা হয়। আজিৰ এই দিনটোত কথাছবি নিৰ্মাতা আৰু পৰিচালক পাৰভেজ আহমেদক "আমি সতীৰ্থ"ৰ ফালৰ পৰা এখনি ফুলাম গামোচা আৰু এখন প্ৰশস্তি পত্ৰৰ দ্বাৰা সম্বৰ্দ্ধনা জনোৱা হয়। 

Advertisment

এই অনুষ্ঠানত কল্লোলৰ সভাপতি লুইত কলিতা, সাধাৰণ সম্পাদক নৌচাদ আখতাৰ হাজৰিকাৰ লগতে পাৰভেজ আহমেদৰ সতীৰ্থবৃন্দ ক্ৰমে বিশ্বজিৎ মহন্ত, অনুপম বৰকটকী, উজ্বল বৰুৱা, দেৱজিৎ বৰা, ভৱেন নাথ, দিব্যজ্যোতি শৰ্মা, কুকিল মহন্ত, পৰাগ গোস্বামী, জয়দ্বীপ চৰকাৰ, মন্টু ডেকা, দীপক শ‌ইকীয়া, ভৱেন শ‌ইকীয়া, সৌৰভ মহন্ত, বিকাশ বৰঠাকুৰ, গৌতম দেৱৰয়, দিপমনি গোস্বামী, ভাস্কৰ ভট্টাচাৰ্য্য, দিব্যজ্যোতি বৰা, জাকিৰ হুছেইন, জোন ৰাজখোৱা, লক্ষীনন্দন বৰুৱা,ৰাতুল নাথসহ কেইবাজনো সতীৰ্থ উপস্থিত থাকে।

nagaon