/asomiyapratidin/media/media_files/2025/06/23/ct-center-2025-06-23-21-36-32.jpeg)
ডিজিটেল ডেস্কঃ অসমীয়া দুই উদ্যমী যুৱক-যুৱতীৰ ব্যৱসায় ধ্বংস কাৰৰ ষড়যন্ত্ৰক ব্যৰ্থ কৰিলে সদৌ অসম ছাত্ৰ সন্থাই। উল্লেখ্য যে, গুৱাহাটীৰ জি এছ ৰোডত থকা চিটি চেণ্টাৰ নামৰ মলটোৰ ভিতৰত দুই উদ্যমী যুৱক-যুৱতী প্ৰতাপ দাস আৰু জুছিমণি দাসে সফলতাৰে আৰম্ভ কৰিছিল তেওঁলোকৰ ব্যৱসায়।
অসমীয়া হৈ সফলতাৰে ব্যৱসায় কৰিব, সেই কাৰ্যক সহজভাৱে লোৱা নাছিল এক শক্তিশালী অনা-অসমীয়া চক্ৰই। যাৰ বাবে এই দুই অসমীয়া উদ্যমী যুৱক-যুৱতী সেই অনা অসমীয়া চক্ৰৰ ষড়যন্ত্ৰৰ বলি হ’বলগীয়া হৈছিল।
উপায়ন্তৰ হৈ তেওঁলোক কাষ চাপিছিল সংবাদ মাধ্যমৰ। সহায় বিচাৰিছিল সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ৰাজ্যৰ বিভিন্ন জাতীয় সংগঠনসমূহৰ। ২৩ জুন, সোমবাৰে 'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ বিশেষ লেখাৰ শিতানত মৃদুল কুমাৰ সন্দিকৈৰ ''সমুজ্জ্বল, সমীৰণ, পলাশ, শৃংখল এতিয়া ক’ত?'' শিৰোনামৰে এই খবৰ প্ৰকাশ পোৱাৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে দেখুৱালে অসমীয়াগিৰি।
কোনো কাৰণতে যাতে এই দুই অসমীয়া যুৱক-যুৱতীৰ বিপণি চিটি চেণ্টাৰৰ পৰা উলিয়াই দিয়া নহয় তাৰ বাবে লিখিত প্ৰতিশ্ৰুতি আদায় কৰিলে অনা-অসমীয়া বণিক গোষ্ঠীৰ চিটি চেণ্টাৰৰ কৰ্তৃপক্ষৰ পৰা। ব্যৰ্থ হ'ল অনা অসমীয়া সেই চক্ৰৰ ষড়যন্ত্ৰ।
চিটি চেণ্টাৰ কৰ্তৃপক্ষই সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকক উদ্দেশ্যি লিখিত ভাৱে জনাই যে, আন্তঃগাঁথনিৰ পৰিবৰ্তন আৰু নিৰাপত্তা ব্যৱস্থা উন্নত কৰাৰ বাবে যি দুখন ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছিল সেই দুই প্ৰতিষ্ঠান সেই স্থানতে থাকিব।
স্থান আবণ্টনৰ ক্ষেত্ৰত যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে পুনৰ আলোচনা কৰা হ’ব আছুৰ এই নেতৃত্বৰ সৈতে। তাৰোপৰি কয়, আছুৰ দ্বাৰা চিনাক্ত কৰা দুয়োখন ব্যৱসায়ীক প্ৰতিষ্ঠান পূৰ্বৰ স্থানতে বাহাল থাকিব আৰু কোনো পৰিবর্তন কৰা নহ’ব।
উল্লেখ্য যে, গুৱাহাটীৰ জি এছ ৰোডত থকা চিটী চেন্টাৰৰ দ্বিতীয় মহলাত অস্থায়ীভাৱে নিৰ্মাণ কৰা দুখন বিশেষ দোকানৰ গৰাকী আছিল দুই অসমীয়া যুৱক যুৱতী ক্ৰমে প্ৰতাপ দাস আৰু জুছিমণি দাসে।প্ৰধানমন্ত্ৰী বিশেষ আচঁনিৰ সহায় লৈ শিৱসাগৰৰ প্ৰতাপ দাসে ২০২৩ চনত ইয়াত খুলিছিল ‘কাফটি ফেশ্বন’ নামৰ এখন কাপোৰৰ দোকান।
‘জুছি ক্ৰিয়েশ্যন’ নামেৰে অসমীয়া মহিলাৰ সাজ-পোছাকৰ আন এখন দোকান আৰম্ভ কৰিছিল গুৱাহাটীৰ জুছিমণি দাসে। এখন দোকানৰ বাবদ মাহে ৩০হাজাৰ টকাকৈ দুয়োৱে আদায় দিছিল ভাড়া। কিন্তু দুদিনমানৰ পূৰ্বে অগ্নি নিৰ্বাপনকে ধৰি আন্তঃগাঁথনি নিৰ্মাণৰ অজুহাতত তেওঁলোক দুয়োকে তেওঁলোকৰ দোকান খালী কৰিবলৈ দিয়া হৈছিল নিৰ্দেশ।
অভিযোগ অনুসৰি একমাত্ৰ অসমীয়া হোৱাৰ বাবেই তেওঁলোকৰ বিৰুদ্ধে কোনো নিৰ্দিষ্ট অভিযোগ বা অনিয়ম নথকাৰ পাছতো লিখিত চুক্তি নথকাৰ সুযোগ লৈ বিদিত বাহিনীয়ে এইদৰে ব্যৱসায়ীক প্ৰতিষ্ঠান খালী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।
অৱশেষত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ নেতৃত্বত যোৱা এটা সজাতি দলে আজি অনা-অসমীয়াৰ এই মলটোত উপস্থিত হৈ দুই অসমীয়া যুৱক-যুৱতীৰ ব্যৱসায় প্ৰতিষ্ঠান সুৰক্ষিত কৰাৰ লিখিত প্ৰতিশ্ৰুতি আদায় কৰিবলৈ সক্ষম হ’ল। ব্যৰ্থ হ'ল দুই উদ্যমী অসমীয়াৰ ব্যৱসায়ক ধ্বংস কৰাৰ ষড়যন্ত্ৰ।