চিৰাঙৰ বেংতলত চিআৰপিএফ ৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্য্যসূচী

চিৰাঙৰ বেংতলত চিআৰপিএফ ৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্য্যসূচী

author-image
Asomiya Pratidin
New Update
চিৰাঙৰ বেংতলত চিআৰপিএফ ৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্য্যসূচী

ডিজিটেল সংবাদ,চিৰাং: "ক্ৰম বৰ্দ্ধিত গোলকীয় উষ্ণতা ৰোধ কৰিবলৈ আৰু পৃথিৱীৰ বুকুত মানৱজাতিক সুৰক্ষিত ৰাখিবলৈ সৰ্বত্ৰই কৈ থকা হৈছে গছপুলি ৰোপণ কৰক, কাৰণ গছ থাকিলে হে পৃথিৱীত প্ৰাণীৰ অস্ত্বিত্ব থাকিব" এই বাৰ্তাক আগত ৰাখিয়েই চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ বেংতলস্থিত চিআৰপিএফৰ ১৫৬ বেটেলিয়নৰ জি কোম্পানীৰ উদ্যোগত বেংতল এলেকাত আজিৰ পৰা গছপুলি ৰোপণ অভিযান আৰম্ভ কৰা হয়।

Advertisment

মঙলবাৰে পুৱা ১৫৬ বেটেলিয়নৰ "জি" কোম্পানীৰ কমাণ্ডিং অফিচাৰ শ্ৰী অনিল কুমাৰে নেতৃস্থানীয় ব্যক্তি আৰু শিক্ষক সকলৰ উপস্থিতিত তথা সহযোগত প্ৰথমে বেংতল এম ভি স্কুল চৌহদত গছপুলি ৰোপণ কৰে। তাৰ পিছত বেংতল স্বাস্থ্য কেন্দ্ৰতো গছপুলি ৰোপণ কৰা হয় । আজিৰ এই গছপুলি ৰোপণ কাৰ্য্যসূচী সন্দৰ্ভত কমাণ্ডিং অফিচাৰ শ্ৰী অনিল কুমাৰে কয় যে চিৰাং জিলাত নিয়োজিত হৈ থকা চিআৰপিএফ ১৫৬ বেটেলিয়নক চলিত বৰ্ষত ১৩ হাজাৰ গছপুলি ৰোপণ কৰাৰ লক্ষ্য ৰাখিয়েই আঁচনি গ্ৰহণ কৰিছিল আৰু সেইমৰ্মে ২০২৪ বৰ্ষৰ বাবে ১৫৬ বেটেলিয়নৰ বেংতল স্থিত "জি" কোম্পানীক ২ হাজাৰ ৪০০ পুলি ৰোপণৰ লক্ষ্য বান্ধি দিয়া হৈছিল।

আজিৰ পৰা বেংতল এলেকাত চিআৰপিএফ ৰ পৰা গছপুলি ৰোপণ কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ শুভাৰম্ভ কৰা হয়। অতি কম সময়ৰ ভিতৰতে তেওঁলোকৰ লক্ষ্যত উপনীত হ’বলৈ চেষ্টা চলাই যাব বুলি সদৰি কৰে। বৰ্তমান সময়ত পৰিৱেশ পৰিবৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে কেৱল আমাৰ দেশেই নহয় সমগ্ৰ বিশ্বজুৰি মানৱজাতিৰ লগতে জীৱকুল ক্ষয়ক্ষতিৰ সন্মুখীন হব লগা হৈছে যিটো আমাৰ মানৱজাতিৰ জাতিৰ কাৰণে ডাঙৰ প্ৰত্যাহবান হিচাপে দেখা দিছে ।

উল্লেখ্য যে, বেংতল শিবিৰৰ চি আৰ পি এফৰ এই প্ৰচেষ্টাক অঞ্চলবাসীয়ে সন্তোষ প্ৰকাশ কৰাৰ লগতে কমান্ডেন্ট বিষয়া শ্ৰী অনিল কুমাৰ, শ্ৰী ওমকাৰ নাথ সিং আৰু চি আৰ পি এফৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। আজি চিআৰপিএফ ৰ এই গছপুলি ৰোপণ কাৰ্য্যসূচীত বেংতলৰ স্থানীয় সংবাদকৰ্মী সকলেও অংশগ্ৰহণ কৰে ।

chirang CRPF plantation