নাগালেণ্ডত ১৪ কেজিতকৈ অধিক সন্দেহযুক্ত আফিং জব্দ

আৰক্ষীয়ে মণিপুৰৰ সেনাপতিৰ পৰা ডিমাপুৰলৈ গৈ থকা মণিপুৰ পঞ্জীয়নভুক্ত এখন বাহনত তালাচী চলাই  নিৰাপত্তাৰক্ষীয়ে ধৰম সিং নামৰ এজন যাত্ৰীৰ বেগত লুকুৱাই থোৱা সন্দেহযুক্ত আফিঙৰ একাধিক পেকেটৰ লগতে নগদ ৫৬,৫০০ টকা জব্দ কৰে।

author-image
Asomiya Pratidin
New Update
1nagaland

ডিজিটেল ডেস্কঃ  শুকুৰবাৰে কোহিমাৰ অন্তৰ্গত পেডুচা পুৰণি আৰক্ষী থানাৰ সমীপৰ ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ৭৮ বেটেলিয়ন চি আৰ পি এফ জোৱান আৰু পি এছ চেচু জুবজাৰ আৰক্ষীয়ে তালাচী চলাই ১৪.৩১২ কিলোগ্ৰাম সন্দেহযুক্ত আফিং জব্দ কৰে।

আৰক্ষীয়ে মণিপুৰৰ সেনাপতিৰ পৰা ডিমাপুৰলৈ গৈ থকা মণিপুৰ পঞ্জীয়নভুক্ত এখন বাহনত তালাচী চলাই  নিৰাপত্তাৰক্ষীয়ে ধৰম সিং নামৰ এজন যাত্ৰীৰ বেগত লুকুৱাই থোৱা সন্দেহযুক্ত আফিঙৰ একাধিক পেকেটৰ লগতে নগদ ৫৬,৫০০ টকা জব্দ কৰে।

নিচাজাতীয় সামগ্ৰীখিনি জব্দ কৰা লোকজন পঞ্জাৱৰ লুধিয়ানাৰ ধৰম সিং বুলি চিনাক্ত কৰা হৈছে। অভিযুক্ত আৰু জব্দ কৰা সামগ্ৰীসমূহ ছেচু জুবজা থানাত গতাই দিয়া হৈছে। মণিপুৰৰ সেনাপতিৰ পৰা ডিমাপুৰ অভিমুখী এখন টাটা উইংগাৰত জব্দ কৰিছিল নিষিদ্ধ সামগ্ৰীখিনি।

নাগালেণ্ড