/asomiyapratidin/media/media_files/2025/02/13/9ZZvtSXw3wuUvNLxIjTR.jpg)
ডিজিটেল ডেস্কঃ মণিপুৰত বৃহস্পতিবাৰে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এজন জোৱানৰ গুলীত নিহত হয় তেওঁৰ দুজন সতীৰ্থ। চৰকাৰী সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, এই ঘটনাত আন ৮ জন জোৱান আহত হয়। ইফালে ঘটনা সংঘটিত কৰিয়ে চৰম সিদ্ধান্ত লয় জোৱানজনে।
প্ৰাপ্ত তথ্য অনুসৰি, ইম্ফল পশ্চিম জিলাৰ লেমফেলৰ চি আৰ পি এফৰ শিবিৰত নিশা প্ৰায় ৮.২০ বজাত সংঘটিত হয় এই ঘটনা। অভিযুক্ত জোৱান সঞ্জয় কুমাৰে নিজৰ বন্দুকৰ পৰা গুলীচালনা কৰা ফলত এজন কনিষ্টবল আৰু এজন উপ-পৰিদৰ্শকৰ থিতাতে মৃত্যু হয়।
এই ঘটনাত আহত হয় ৮ জনকৈ লোক। ইয়াৰ পিছতে ১২০ নং বেটেলিয়নৰ সঞ্জয় কুমাৰে নিজকে গুলীয়াই। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
ইতিমধ্যে ঘটনাত আহত চি আৰ পি এফৰ ৮ জন জোৱানক ইম্ফলৰ আৰ আই এম এছত ভৰ্তি কৰোৱা হৈছে। আহত জোৱানকেইজনৰ চিকিৎসা অব্যাহত আছে। উল্লেখ্য যে, ঘটনা সন্দৰ্ভত তদন্ত চলি থকাৰ লগতে আৰক্ষীয়ে তাৎক্ষণিকভাৱে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ নাই।