পাকিস্তানৰ চোৰাংচোৱা ভাৰতীয় সেনা! সেনা, অৰ্ধসামৰিক বাহিনীৰ ১৫জন বিষয়াৰ তথ্য লাভ...

গোচৰ সন্দৰ্ভত তদন্তকাৰী সংস্থাই প্ৰকাশ কৰে যে, তদন্তত পাছত জানিব পৰা গৈছে যে পাকিস্তানী এজেণ্টজন ভাৰতীয় সেনা, অৰ্ধসামৰিক বাহিনী আৰু চৰকাৰৰ আন ১৫জন লোকৰ সংস্পৰ্শত আছিল।

New Update
WhatsApp Image 2025-08-26 at 9.07.53 AM

ডিজিটেল ডেস্কঃ   পাকিস্তানী চোৰাংচোৱাক দেশৰ স্পৰ্শকাতৰ তথ্য প্ৰদানৰ অভিযোগত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ৰ এ এছ আই মতি ৰাম জাটৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই।

Advertisment

উক্ত গোচৰ সন্দৰ্ভত তদন্তকাৰী সংস্থাই প্ৰকাশ কৰে যে, তদন্তত পাছত জানিব পৰা গৈছে যে পাকিস্তানী এজেণ্টজন ভাৰতীয় সেনা, অৰ্ধসামৰিক বাহিনী আৰু চৰকাৰৰ আন ১৫জন লোকৰ সংস্পৰ্শত আছিল।

সংস্থাটোৱে লগতে প্ৰকাশ কৰে যে, অভিযুক্ত মতি ৰাম জাটে দেশখনৰ তথ্য পাকিস্তানক দিয়াই নহয়, পাকিস্তানী চোৰাংচোৱাক আন বহু উচ্চপদস্থ বিষয়াৰ নম্বৰো দিছিল। চেলিম আহমেদ নামৰ পাকিস্তানী এজেণ্টজন মতি ৰামসহ ১৫জন লোকৰ সংস্পৰ্শত আছিল।

তদন্তত প্ৰকাশ পাইছে যে, ইয়াৰে চাৰিজন সেনাবাহিনীৰ, চাৰিজন অৰ্ধসামৰিক বাহিনীৰ আৰু ৭জন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী। এই আটাইকেইজন লোকৰ সৈতে হোৱা কথা-বতৰাৰ তদন্ত অব্যাহত ৰাখিছে তদন্তকাৰী সংস্থাই।

লক্ষ্যণীয় যে, অভিযুক্ত মতি ৰাম জাটৰ চিম কাৰ্ডখন, যাৰ নম্বৰৰ জৰিয়তে তেওঁ পাকিস্তানী চোৰাংচোৱাৰ সংস্পৰ্শত আছিল, কলকাতাৰ পৰা ক্ৰয় কৰা হৈছিল। আনহাতে চিম কাৰ্ড কিনা ব্যক্তিজনে পাকিস্তানত বহি থকা এজন এজেণ্টলৈ এক্টিভেচন অ’টিপি পঠিয়াইছিল।

 এইজন ব্যক্তিয়ে ২০০৭ চনত পাকিস্তানী মহিলাক বিয়া কৰাই ২০১৪ চনত পাকিস্তানলৈ গৈছিল। তদন্তকাৰী সংস্থাটোৱে তথ্য লাভ কৰিছে যে তেওঁ প্ৰতি বছৰে দুবাৰকৈ কলকাতালৈ আহে। তদন্তত প্ৰকাশ পাইছে যে জাটে যোৱা দুবছৰ ধৰি লাহোৰত ভিত্তি কৰি নিজৰ হেণ্ডলাৰলৈ নিৰাপত্তাৰক্ষী নিয়োগ, বহু সংস্থা কেন্দ্ৰৰ প্ৰতিবেদন, সৈনিকৰ চলাচল আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ তথ্য প্ৰেৰণ কৰি আছিল।

বিনিময়ত তেওঁ ১২০০০ কৈ টকা পাইছিল। এই ধন দিল্লী, মহাৰাষ্ট্ৰ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, অসম আৰু পশ্চিম বংগৰ পৰা জাট আৰু তেওঁৰ পত্নীৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হৈছিল।

চি আৰ পি এফ