নগাৰ আগ্ৰাসনঃ চিআৰপিএফে নগাক সহায় কৰাৰ অভিযোগ

চিআৰপিএফৰ পক্ষপাতিত্বমূলক আচৰণৰ বাবেই মেৰাপানী সীমান্তত পুনৰ বৃদ্ধি পাইছে নগাৰ আগ্ৰাসন। নিৰপেক্ষ বাহিনী হিচাপে সীমান্ত অঞ্চলটোত নিয়োজিত চিআৰপিএফে নগাৰ হৈ সেৱা আগবঢ়োৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

author-image
Asomiya Pratidin
New Update
নগাৰ আগ্ৰাসনঃ চিআৰপিএফে নগাক সহায় কৰাৰ অভিযোগ

নগাৰ আগ্ৰাসনঃ চিআৰপিএফে নগাক সহায় কৰাৰ অভিযোগ

ডিজিটেল সংবাদ, মেৰাপানীঃ চিআৰপিএফৰ পক্ষপাতিত্বমূলক আচৰণৰ বাবেই মেৰাপানী সীমান্তত পুনৰ বৃদ্ধি পাইছে নগাৰ আগ্ৰাসন। নিৰপেক্ষ বাহিনী হিচাপে সীমান্ত অঞ্চলটোত নিয়োজিত চিআৰপিএফে নগাৰ হৈ সেৱা আগবঢ়োৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। বিশেষকৈ মেৰাপানীৰ ভেলৌগুৰি চীডফাৰ্মত চিআৰপিএফৰ সহায়লৈয়ে নগাই দিনকদিনে অৱ্যাহত ৰাখিছে বেদখল। 

Advertisment

মহামান্য উচ্চতম ন্যায়ালয়ে মেৰাপানী সীমান্তত বিবাদ নিস্পত্তি নোহোৱা পৰ্য্যন্ত স্থিতাৱস্থা বাহাল ৰখাৰ স্পষ্ট নিৰ্দেশনা দি থৈছে। অৰ্থাৎ বিবাদ নিস্পত্তি নোহোৱা পৰ্য্যন্ত সীমান্ত অঞ্চলটোৰ অবয়ব সলনি কৰিব নোৱাৰিব কোনো এখন ৰাজ্যই, কৰিব নোৱাৰিব স্থায়ী নিৰ্মাণকাৰ্য্য। অসমৰ চৰকাৰ প্ৰশাসনে এই নিৰ্দেশনা আখৰে আখৰে পালন কৰি আহিছে যদিও নগালেণ্ড চৰকাৰে পদে পদে ভংগ কৰিছে ন্যায়ালয়ৰ নিৰ্দেশনা। 

অসমভূমিৰ ভিতৰৰ চীডফাৰ্মত নগাই গীৰ্জাঘৰ, পামঘৰ নিৰ্মাণ কৰাৰ লগতে অসম চৰকাৰৰ দুৰ্বলতাৰ সুযোগ লৈ নিৰ্মাণ কৰিলে নগালেণ্ড চৰকাৰৰ কৃষি সঞ্চালকালয়। অতি শেহতীয়াকৈ নগাই চীডফাৰ্মত সকলোৰে অলক্ষিতে পুনৰ এটা গৃহ নিৰ্মাণ কৰি নিজৰ স্থিতি গজগজীয়া কৰিবলৈ সক্ষম হৈছে। আশ্বৰ্যকৰ বিষয়টো হ'ল, নাগালেণ্ডৰ কৃষি সঞ্চালকালটোত আকৌ ব্যৱহাৰ হৈছে অসমৰ বিদ্যুৎ সেৱা। 

অসম চৰকাৰে চিআৰপিএফ ছাউনিলৈ যোগান ধৰা বিদ্যুত চিআৰপিএফে নীতিবৰ্হিভূতভাৱে যোগান ধৰিছে নগাৰ কৃষি সঞ্চালকালয়লৈ। অথচ চীডফাৰ্মৰ ভিতৰত বাস কৰা অসমীয়া পৰিয়ালসমূহে আজি পৰ্য্যন্ত দেখা নাই বিদ্যুতৰ পোহৰ। অসম চৰকাৰে অসমীয়া পৰিয়ালসমূহক যিকোনো চৰকাৰী আঁচনি প্ৰদান কৰিব বিচাৰিলে স্থিতাৱস্থাৰ দোহাই দি বিৰোধ কৰি আহিছে নগা প্ৰশাসন আৰু চিআৰপিএফে। ফলশ্ৰুতিত পৰিয়ালসমূহে দেখা নাই উন্নয়নৰ পোহৰ। সম্প্ৰতি এনে অনিয়ম প্ৰত্যক্ষ কৰি নগা প্ৰশাসন আৰু চিআৰপিএফৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে স্থানীয় অসমীয়া ৰাইজ। এইক্ষেত্ৰত অসম চৰকাৰে সময় থাকোতেই যথোপযুক্ত পদক্ষেপ গ্ৰহণ নকৰিলে ১৩০০ একৰযুক্ত চিডফাৰ্ম নাগালেণ্ডৰ কবললৈ যোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে।

নগাৰ আগ্ৰাসন চিআৰপিএফ মেৰাপানী