Advertisment

চৰাইদেউ মৈদামত দৰ্শনাৰ্থীৰ ভিৰ…

ইংৰাজী নৱবৰ্ষলৈ মাজত মাঁথো কেইটা মান দিন বাকী ৷ নৱবৰ্ষৰ প্ৰাকক্ষণত এতিয়া ৰাজ্যৰ পৰ্যটনস্থলীসমূহত বিভিন্ন প্ৰান্তৰ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে...

author-image
Asomiya Pratidin
New Update
charaideo

charaideo

ডিজিটেল সংবাদ, চৰাইদেউ : ইংৰাজী নৱবৰ্ষলৈ মাজত মাঁথো কেইটা মান দিন বাকী ৷ নৱবৰ্ষৰ প্ৰাকক্ষণত এতিয়া ৰাজ্যৰ পৰ্যটনস্থলীসমূহত বিভিন্ন প্ৰান্তৰ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ 

Advertisment

বিদায়ী বৰ্ষটোৰ বিশ্ব ঐতিহ্য চৰাইদেউ মৈদাম ক্ষেত্ৰত আগমণ ঘটিল দৰ্শনাৰ্থীৰ ৷ ইংৰাজ নৱবৰ্ষলৈ মাজত কেইদিনমান বাকী থকা অৱস্থাত মঙলবাৰে মৈদাম ক্ষেত্ৰত কাষতে থকা বনভোজস্থলীত বিভিন্ন প্ৰান্তৰ বনভোজ দলৰ আগমণ ঘটা পৰিলক্ষিত হয় ৷ 

আনহাতে বৰদিন বন্ধৰ দিনটোত বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থীসকলে চৰাইদেউ মৈদামত ভিৰ কৰেহি ৷ দৰ্শনাৰ্থীসকলে চৰাইদেউ মৈদামৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰাৰ লগতে বনভোজৰ দলসমূহ আহি বন্ধৰ দিনটোত মিলা- প্ৰীতিৰে এসাঁজ তৃপ্তিৰে খাই বনভোজৰ আনন্দ লয় ৷ 

আজি পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শনাৰ্থী পৰ্যটক, বনভোজৰ দলৰ উপস্থিতিয়ে ঐতিহাসিক বিশ্ব সাংস্কৃতিক ঐতিহ্য চৰাইদেউ মৈদাম ক্ষেত্ৰ লোকাৰণ্য হৈ পৰে ৷

charaideu