Advertisment

তথ্য লুকুৱাইছে প্ৰশাসনে! মহাকুম্ভত মৃতকৰ সংখ্যা ৪০লৈ বৃদ্ধি...

মহা কুম্ভমেলাত মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ তথ্য শেহতীয়াকৈ ৰাজহুৱা হৈছে। ভক্তৰ সমাগমত পদপিষ্ট হৈ প্ৰায় ৪০গৰাকী ভক্তৰ মৃতদেহ মৰ্গত ৰখা কথা পোহৰলৈ আহিছে। নিৰাপত্তাৰ দায়িত্বত থকা খোদ আৰক্ষীয়ে নাম প্ৰকাশ নকৰাৰ চৰ্ত সাপেক্ষে এই তথ্য প্ৰদান কৰিছে।

author-image
Asomiya Pratidin
New Update
কুম্ভমেলা

কুম্ভমেলা Photograph: (কুম্ভমেলা)

ডিজিটেল ডেস্কঃ মহা কুম্ভমেলাত মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ তথ্য শেহতীয়াকৈ ৰাজহুৱা হৈছে। ভক্তৰ সমাগমত পদপিষ্ট হৈ প্ৰায় ৪০গৰাকী ভক্তৰ মৃতদেহ মৰ্গত ৰখা কথা পোহৰলৈ আহিছে। নিৰাপত্তাৰ দায়িত্বত থকা খোদ আৰক্ষীয়ে নাম প্ৰকাশ নকৰাৰ চৰ্ত সাপেক্ষে এই তথ্য প্ৰদান কৰিছে।

Advertisment

উল্লেখ্য যে, পুৱাৰ ভাগতে সংঘটিত হোৱা এই অঘটনৰ পাছতে প্ৰশাসনে ১০-১৫গৰাকী লোক নিহত হোৱাৰ তথ্য প্ৰকাশ কৰিছিল যদিও শেহতীয়াকৈ মৰ্গত ৪০টা মৃতদেহ থকাৰ তথ্য ৰাজহুৱা হৈছে। মৃতকৰ পৰিয়ালেও ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ সন্মুখত এই গোপন তথ্য সদৰি কৰিছে।

ইফালে মহাকুম্ভৰ সুৰক্ষাৰ দায়িত্বত থকা আন এগৰাকী ডি আই জিয়ে সদৰি কৰা অনুসৰি, এতিয়ালৈকে ৩০গৰাকী লোকৰহে মৃত্যু হৈছে। ইয়াৰে ৫গৰাকীক এতিয়াও চিনাক্ত কৰিব পৰা নাই প্ৰশাসনে। আনহাতে ৬০গৰাকী লোক বৰ্তমান চিকিতসাধীন হৈ থকাৰ কথা সদৰি কৰিছে ডি আই জি বৈষ্ণৱ কৃষ্ণাই। 

ৰয়টাৰৰ বাতৰি অনুসৰি,  স্থানীয় মতিলাল নেহৰু মেডিকেল কলেজৰ চিকিৎসালয়ৰ মৰ্গৰ বাহিৰত ১৫খন এম্বুলেন্স আছিল, আৰু প্ৰায় ডেৰ ডজন লোকে নিজৰ আপোনজনক বিচাৰি হাঁহাকাৰ কৰি আছিল।  আৰক্ষীয়ে উপযুক্ত ব্যৱস্থা নকৰাৰ ফলতে এই শোকাৱহ ঘটনা সংঘটিত হ'বলৈ পালে বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে। 

ইফালে এই ঘটনা সংঘটিত হোৱাৰ পাছতে আজিৰ অমৃত স্নান কাৰ্যসূচী বাতিল কৰা হয় মহাকুম্ভ মেলাত। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই শোকাৱহ ঘটনাক লৈ শোক ব্যক্ত কৰিছে। 

 

মহাকুম্ভ মেলা