বানত নষ্ট শ শ বিঘা ৰবিশস্য, কৃষকৰ হাহাকাৰ

বানপানী কমিলেও সমস্যাই লগ এৰা নাই কাছাৰ জিলাৰ বানাক্ৰান্ত কৃষকসকলক। সংহাৰী বানে ঘৰ দুৱাৰ ক্ষতিসাধন কৰাৰ লগতে তেজক পানী কৰি খেতি কৰা শ শ বিঘা ৰবিশস্য নষ্ট কৰি পেলায়

author-image
Asomiya Pratidin
New Update
বানত নষ্ট শ শ বিঘা ৰবিশস্য, কৃষকৰ হাহাকাৰ

বানত নষ্ট শ শ বিঘা ৰবিশস্য, কৃষকৰ হাহাকাৰ

ডিজিটেল সংবাদ শিলচৰ: বানপানী কমিলেও সমস্যাই লগ এৰা নাই কাছাৰ জিলাৰ বানাক্ৰান্ত কৃষকসকলক। সংহাৰী বানে ঘৰ দুৱাৰ ক্ষতিসাধন কৰাৰ লগতে তেজক পানী কৰি খেতি কৰা শ শ বিঘা ৰবিশস্য নষ্ট কৰি পেলায়।‌ 

Advertisment

সম্প্ৰতি বৰখলা সমষ্টিৰ ঘোৰামাৰা আৰু আৰিকল এলেকাৰ প্ৰায় ৮০ বিঘা মাটিত ৰোপণ কৰা ৰবিশস্য জাতিংগা নদীৰ বাঢ়নি পানীয়ে বিনষ্ট কৰি পেলাইছে। জলকীয়া, ভেন্দি, বেঙেনা আদি খেতি কৰি জীৱন নিৰ্বাহ কৰা অঞ্চলটোৰ কৃষকসকলে এতিয়া বানত সকলো হেৰুৱাই মূৰে কপালে হাত দিছে।‌ ঘোঁৰামাৰা গাঁৱৰ খেতিয়ক আব্দুল ৰহমান, আব্দুৰ ৰৌফ বৰভুঞা, এনাম উদ্দিন লস্কৰ, ফুলেৰুণ নেছা বড়ভুইয়া আদিৰ অভিযোগ, জাতিংগা নদীৰ খহনীয়া প্ৰতিৰোধ নকৰাৰ ফলতে নৈৰ বাঢ়নি পানীয়ে বিনষ্ট কৰি পেলায় তেওঁলোকৰ ৰবিশস্য সমূহ।

শ শ বিঘা ৰবিশস্য নষ্ট
শ শ বিঘা ৰবিশস্য নষ্ট

 

 আনহাতে, একাংশ কৃষি বিষয়াৰ দুৰ্নীতিৰ বাবে চৰকাৰৰ কৃষি আঁচনি সমূহৰ পৰাও বঞ্চিত এই সকল খেতিয়ক। সেয়ে, ঋণ লৈ খেতি কৰা কৃষকসকলক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মা আৰু জিলা প্ৰশাসনৰ ওচৰত কাতৰ আহ্বান জনাইছে।

বানপানী প্ৰতিৰোধ বানপানী