প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ বিধায়ক দিপ্লুৰঞ্জন শৰ্মা

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিজেপি আৰু আৰ এছ এছৰ বিৰুদ্ধে কৰা মন্তব্যত জাঙুৰ খাই উঠিছে বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা বিধায়ক দিপ্লুৰঞ্জন শৰ্মা।

author-image
Asomiya Pratidin
New Update
গৌৰৱ গগৈয়ে ভালকৈ অসমীয়া ভাষাত কথা ক’ব নোৱাৰে

ডিজিটেল সংবাদ, নগাঁও : অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিজেপি আৰু আৰ এছ এছৰ বিৰুদ্ধে কৰা মন্তব্যত জাঙুৰ খাই উঠিছে বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা বিধায়ক দিপ্লুৰঞ্জন শৰ্মা। বুধবাৰে নগাঁৱত এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহা বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই সাংবাদিকে গৌৰৱ গগৈৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচৰাত কয় - গৌৰৱ গগৈৰ পত্নীৰ  তদন্ত বিচাৰি আছো।

Advertisment

আছিম মুনি, বিলোৱাল ভুট্টো আদিয়ে ভাৰত আৰু আৰ এছ এছক গালি পৰাৰ দৰে একেসুৰত গৌৰৱ গগৈয়ে কথা কয়। পাৰ্থক্য এটাই- আজিৰ দিনত গৌৰৱ গগৈয়ে ভাৰতৰ বিৰুদ্ধে কথা কোৱা নাই। অসমৰ আটাইতকৈ নিকৃষ্ট ৰাজনীতিকজন গৌৰৱ গগৈ বুলি উল্লেখ কৰি শৰ্মাই কয় যে, গৌৰৱ গগৈয়ে এতিয়া বিজেপি আৰু আৰ এছ এছৰ ভূত দেখি থাকে। বহি : ৰাজ্যৰ সঙ্গ ভাৰতৰ আত্মা। 

প্ৰয়াত প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰুৰ দিনত ১৯৬৩ চনত আৰ এছ এছক গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনোৱা, গৌৰৱ গগৈৰ প্ৰয়াত পিতৃয়ে কোৱা কথাখিনি গৌৰৱ গগৈয়ে চোৱা উচিত। আজি ভাৰতৰ ৰাজনীতিত গৌৰৱ গগৈৰ পৰিয়াল সন্দেহজনক পৰিয়াল হিচাপে চিহ্নিত হৈছে।  

গৌৰৱ গগৈয়ে এতিয়া পাকিস্তানৰ শ্ৰুতলিপিত আৰ এছ এছ - বিজেপিৰ বিৰুদ্ধে কথা কৈ আছে। তেওঁৰ কথাত আচৰিত হ’ব লগা একো নাই। শৰ্মাই লগতে কয় যে গৌৰৱ গগৈ ভাৰতৰ যলৈকে যায় তাতে গোচৰ পঞ্জীয়ন হ’ব লাগে। 

আৰ এছ এছৰ নাম ল’বলৈ যোগ্যতা নাই। আনকি আৰ এছ এছৰ প্ৰচাৰকৰ ভৰি ধোৱা পানী খাবলৈও যোগ্য নহয়। এজন দেশদ্ৰোহী নেতাই এতিয়া কলুষিত কংগ্ৰেছৰ নেতৃত্ব লৈছে। কংগ্ৰেছ ধ্বংস হ’বলৈ সৰহ দিন নাই। লগতে বিধায়ক শৰ্মাই গৌৰৱ গগৈয়ে ভালকৈ অসমীয়া ভাষাত কথা ক’ব নোৱাৰে বুলি কটাক্ষ কৰে।

কংগ্ৰেছ