/asomiyapratidin/media/media_files/2025/04/26/iYo6hbRpIQW3fZaBvpI7.jpg)
ডিজিটেল সংবাদ, বিহালী : বিহালীত ক্ৰমাৎ বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ৷ বিহালী বিধানসভা সমষ্টিৰ চাৰিখন জিলা পৰিষদ এলেকাত শাসকীয় বিজেপি দলৰ নেতা-কৰ্মীয়ে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৷
তাৰ মাজতে বিহালীৰ মোনাবাৰী চাহ বাগিছাত শাসকীয় দল বিজেপিৰ জিলা পৰিষদৰ প্ৰাৰ্থী স্নিগ্ধা জ্যোতি গোস্বামীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ প্ৰাক্তন সভানেত্ৰী আঙুৰলতা ডেকাই৷ জিলা পৰিষদৰ প্ৰাৰ্থী স্নিগ্ধাজ্যোতি গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি নেত্ৰী আঙুৰলতা ডেকাই কয় যে অসমৰ পৰা অসম বন্ধ শব্দটো নোহোৱা হোৱাৰ দৰে এদিন কংগ্ৰেছ দল ইতিহাসৰ পাতত থাকি যাব আৰু মানুহে বিৰোধী দল হিচাপে বিচাৰি নাপাব।
এগৰাকী নাগৰিক হিচাপে বিৰোধী শক্তিশালী হোৱাটো বিচাৰিছো যদিও দুৰ্ভাগ্য যে অসমত বিৰোধী শক্তিশালী নহয়৷