অপৰাধীৰ বাবে নতুন বিধেয়ক উত্থাপন লোকসভাত, কি কি থাকিব…

অপৰাধীৰ বাবে নতুন বিধেয়ক উত্থাপন লোকসভাত, কি কি থাকিব…

author-image
asomiyapratidin
New Update
অপৰাধীৰ বাবে নতুন বিধেয়ক উত্থাপন লোকসভাত, কি কি থাকিব…

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰা তেনীয়ে সোমবাৰে লোকসভাত ফৌজদাৰী প্ৰক্ৰিয়া (চিনাক্তকৰণ) বিধেয়ক (criminal procedure(identification), ২০২২ উত্থাপন কৰে।এই বিধেয়ক খনৰ উদ্দেশ্য হৈছে অপৰাধী, আটকাধীন অভিযুক্তৰ পৰিচয়ৰ সৈতে সম্পৰ্কিত প্ৰতিটো ৰেকৰ্ড ৰখা। এই বিধেয়কখনে সমৰ্থনত আজি ১২০ টা ভোট আৰু বিৰোধিতা কৰি ৫৮ টা ভোট লাভ কৰে।

Advertisment

যদি এই বিধেয়কখন সংসদৰ দ্বাৰা গৃহীত হয় আৰু এখন আইনত পৰিণত হয়, তেন্তে ই বৰ্তমান সময়ত থকা বন্দী চিনাক্তকৰণ আইন, ১৯২০ বাতিল কৰিব।

এই আইনৰ প্ৰয়োজন সন্দৰ্ভথ সংসদত উত্তৰ দিয়ে মন্ত্ৰী গৰাকীয়ে। তেওঁ কয় যে অপৰাধীক লৈ বৰ্তমান থকা আইন ১৯২০ চনত বনোৱা হৈছিল। সেই আইনখনৰ ১২০ বছৰ হ'ল।সেই আইন অনুসৰি কেৱল ফিংগাৰপ্ৰিন্ট আৰু ফুটপ্ৰিন্ট লোৱাৰহে অনুমতি আছে।

কেন্দ্ৰই আজি লোক সভাত উত্থাপন কৰা বিধেয়কখনৰ গুৰুত্বপূৰ্ণ বিষয় কেইটা তলত উল্লেখ কৰা হ'ল-
১)এই বিধেয়ক খন আইনত পৰিণত হলে পূৰ্বৰ আইনখন বাতিল হ'ব।
২) নতুন বিধেয়ক খন আইনত পৰিণত হ'লে তাৰ অধীনত অভিযুক্ত অথবা অপৰাধীৰ সকলো ধৰণৰ মাপ ল'ব পাৰিব।
৩) ইয়াৰ মৰ্মে অভিযুক্ত বা দোষীৰ চকুৰ ৰেটিনা, ফটো, ফিংগাৰ প্ৰিন্ট,হাতৰ প্ৰিন্ট, ফুটপ্ৰিন্ট, আৰু বায়লজিকেল চেম্পল ল'ব পাৰিব।
৪) দোষী বা অভিযুক্তৰ হাতৰ আখৰ, চহী আদি ৰাখিব পাৰিব।

loksabha Ajay Misra Teni criminal procedure(identification