/asomiyapratidin/media/media_files/2025/06/18/sonam 18-34430dbb.jpg)
ডিজিটেল ডেস্কঃ মেঘালয়ত সংঘটিত হোৱা ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ সন্দৰ্ভত নিত্য নতুন তথ্য পোহৰলৈ আহিয়েই আছে। শেহতীয়াকৈ হত্যাকাণ্ড সংঘটিত হোৱা ঘটনাস্থলীত 'ক্ৰাইম ছিন ৰিক্ৰিয়েছন'ৰ সময়ত এই হত্যাকাণ্ডৰ ভয়ানক সত্য উন্মোচিত হৈছে।
মেঘালয় আৰক্ষীয় অপাৰেচন হনীমুন নাম ৰখা এই অভিযানৰ তদন্তত প্ৰকাশ পোৱা অনুসৰি ৰাজা ৰঘুবংশীৰ পত্নী সোণম ৰঘুবংশীয়েই এই হত্যাকাণ্ডৰ মূল ষড়যন্ত্ৰকাৰী আছিল। তেওঁ প্ৰেমিক ৰাজ কুশৱাহা আৰু তেওঁ নিয়োগ কৰা তিনি ঠিকাভিত্তিক হত্যাকাৰী বিশাল সিং চৌহান, আনন্দ কুৰ্মী আৰু আকাশ ৰাজপুতৰ সৈতে এই অপৰাধ সংঘটিত কৰিছিল।
২০২৫ চনৰ ২৩ মে’ত শ্বিলঙৰ ছ’হৰা অঞ্চলৰ নংগ্ৰিয়াট গাঁৱৰ সমীপৰ ৱেইছাডং জলপ্ৰপাতৰ সমীপত সংঘটিত হৈছিল এই হত্যাকাণ্ড। অপৰাধস্থলীত ক্ৰাইম ছিন ৰিক্ৰিয়েশ্বনৰ সময়ত স্পষ্ট হৈছে কিদৰে হত্যা কৰা হৈছিল তেওঁক।
জানিব পৰা মতে বিশালে পিছফালৰ পৰা ৰাজাৰ মূৰত প্ৰথমে আঘাত কৰিছিল। তাৰ পিছত ৰাজা তেজেৰে লুতুৰি-পুতুৰি হৈ মাটিত পৰি চিঞৰিবলৈ আৰম্ভ কৰিছিল।
সেই সময়ত সোণমো ঘটনাস্থলীত উপস্থিত আছিল যদিও প্ৰথম আক্ৰমণৰ পিছতে পিছুৱাই যায় সোণম। ইয়াৰ পিছত আনন্দ আৰু আকাশে ৰাজাৰ ওপৰত আৰু দুবাৰ আক্ৰমণ কৰে, যাৰ ফলত তেওঁৰ মৃত্যু হয়। তাৰ পিছত তিনিও অভিযুক্তই একেলগে ৰাজাৰ মৃতদেহ দ খাৱৈত পেলাই দিয়ে।
ইফালে ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰখা মেঘালয় আৰক্ষীৰ এটা দলে ইন্দোৰত সোণম ৰঘুবংশীৰ এটা ফ্লেটত অভিযান চলাইছে। সন্দেহ ৰপা অনুসৰি হত্যাকাণ্ডৰ পিছত সোণম ৰঘুবংশী এই ফ্লেটতে আত্মগোপন কৰি আছিল।
মধ্য প্ৰদেশ আৰক্ষীৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে "মেঘালয় আৰক্ষীৰ এটা দলে ইন্দোৰৰ দেৱাস নাকা অঞ্চলৰ এটা ফ্লেটত উপস্থিত হৈ তদন্ত কৰে। আমি তথ্য লাভ কৰিছো যে মেঘালয়ত ৰাজা ৰঘুবংশীক হত্যা কৰাৰ পিছত তেওঁৰ পত্নী সোণম পলাতক অৱস্থাত কিছুদিন এই ফ্লেটত আত্মগোপন কৰি আছিল। পিছত তেওঁ উত্তৰ প্ৰদেশলৈ যায় য'ৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয়।"
উল্লেখ্য যে, শেহতীয়াকৈ দেৱেন্দ্ৰ সিং নামৰ এগৰাকী ব্ল’গাৰৰ ভিডিঅ’ চৰ্চাৰ মাজলৈ আহিছে। য’ত সোণম, ৰাজা আৰু তেওঁৰ হত্যাকাৰীক স্পষ্টকৈ দেখা গৈছে। ভিডিঅ’ত দেখা গৈছে সোণম আৰু ৰাজা আগে আগে গৈছে আৰু তিনিওজন অভিযুক্তই তেওঁলোকৰ পিছে পিছে গৈছে।
ব্লগাৰ গৰাকীৰ এই ভিডিঅ’ গোচৰটোৰ এক গুৰুত্বপূৰ্ণ লিংক হিচাপে প্ৰমাণিত হ’ব। আৰক্ষীয়ে দেৱেন্দ্ৰৰ বক্তব্য ৰেকৰ্ডিং কৰি তেওঁৰ ভিডিঅ’ প্ৰমাণ হিচাপে লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।