/asomiyapratidin/media/media_files/2025/01/17/JbYcM2KjLK6QRCmkERAl.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাট: জামুগুৰিহাটৰ বাকোলা গাঁৱত বাকোলা ক্ৰিকেট ক্লাৱ (BCC)ৰ উদ্যোগত বৃহস্পতিবাৰে নিশাৰে পৰা চাৰিদিনীয়াকৈ আৰম্ভ হৈছে মফিজুদ্দিন আহমেদ সোঁৱৰণী প্ৰাইজমানি দিবা-নৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা। এই উপলক্ষে আকৰ্ষণীয় আলোকসজ্জাৰ মাজত সন্ধিয়া প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে বিশিষ্ট যুৱ সমাজকৰ্মী নিৰজ নিশ্চিম হাজৰিকাই।
চল্লিশ বছৰ ধৰি অনুষ্ঠিত হৈ অহা উক্ত ক্ৰিকেট খেল প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰি ক্ৰীড়ানুৰাগী বিশিষ্ট যুৱ সমাজকৰ্মী গৰাকীয়ে নতুন প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি মনোনিবেশ কৰিবলৈ আহ্বান জনাই কয় যে, এই ক্ৰীড়াৰ জৰিয়তে যুৱ প্ৰজন্মৰ শাৰিৰীক মানসিক উৎকৰ্ষ সাধনত সহায়ক হয় ৷ ৰাজ্যৰ বহুকেইখন জিলাৰ আগশাৰীৰ ক্ৰিকেট দল সমূহে অংশগ্ৰহণ কৰিব লগা দ্বিবা নৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা খনিৰ উদ্বোধনী অনুষ্ঠানৰ মাজতে আয়োজন কৰা হয় বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান।
অঞ্চলটোৰ সহস্ৰাধিক পুৰুষ-মহিলা আৰু যুৱক-যুৱতীৰ উপস্থিতিত অয়োজিত অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে নদুৱাৰ ৰাজহচক্ৰ বিষয়া ডা° আকাশদ্বীপ কাকতি,জামুগুৰি ক্ৰীড়া সন্থাৰ সভাপতি গৌতম লাহন আৰু জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হাজিৰ আলি সৰকাৰে ৷ প্ৰতিযোগিতা আৰম্ভণিৰ পূৰ্বে বাকোলা ক্ৰিকেট ক্লাৱৰ তৰফৰ পৰা উলিওৱা এক বিশাল বাইক ৰেলিয়ে অঞ্চলটো পৰিভ্ৰমণ কৰি সকলো শ্ৰেনীৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে ৷
বাইক ৰেলিৰ মাজত জামুগুৰিহাটৰ মৰিসুতিৰ এজন প্ৰতিভাৱান যুৱক মতলিৱ আলিয়ে এখন বাইকতে ২০ জন যুৱকক বহুৱাই লৈ নিজে বাইকখন চলাই দু:সাহসিক ক্ৰীড়া কৌশল প্ৰদৰ্শনেৰে ৰাইজৰ মাজত চমক সৃষ্টি কৰিবলৈ সক্ষম হয় ৷ উদ্যোক্তা সকলে জানিবলৈ দিয়া মতে এই প্ৰতিযোগিতাখনিৰ চেম্পিয়ন দলক আকৰ্ষণীয় ট্ৰফীৰ লগতে ১ লাখ ৩০ হেজাৰ টকা মাননী আৰু ৰানাৰ্চ আপ দলকো আকৰ্ষণীয় ট্ৰফীৰ লগতে ৭০ হেজাৰ টকা মাননী আগবঢ়োৱা হ'ব । ইয়াৰ উপৰিও লগত থাকিব কেইবাটাও অন্যান্য পুৰষ্কাৰ।