Advertisment

ভাৰতত ৫ বছৰত দুগুণে বৃদ্ধি ক্ৰেডিট কাৰ্ডৰ সংখ্যা...

২০১৯ চনৰ ডিচেম্বৰৰ পৰা বিগত পাঁচ বছৰত ক্ৰেডিট কাৰ্ডৰ সংখ্যা দুগুণতকৈও অধিক বৃদ্ধি পাই প্ৰায় ১০.৮০ কোটি হৈছে। কিন্তু এই সময়ছোৱাত ডেবিট কাৰ্ডৰ সংখ্যা তুলনামূলকভাৱে একেই আছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
VBFCVXCC

ডিজিটেল ডেস্কঃ  মানুহৰ জীৱন-যাত্ৰাৰ বাবে ক্ৰেডিট কাৰ্ড বৰ্তমান সময়ত এক অপৰিহাৰ্য অংগ হৈ পৰিছে। জৰুৰীকালীন অৱস্থাত তাৎক্ষণিক ঋণৰ উপায় হিচাপে এই কাৰ্ডখন ব্য়ৱহাৰ কৰিব পাৰি। ক্ৰেডিট কাৰ্ডৰ ঋণ তাৎক্ষণিকভাৱে পাবলৈ কোনো নথি-পত্ৰ দাখিল কৰাৰো প্ৰয়োজন নাথাকে। এনে ধৰণৰ সুবিধা সমূহৰ বাবে বৰ্তমান ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰ বাঢ়ি যোৱা পৰিলক্ষিত হৈছে।

Advertisment

সোমবাৰে ৰিজাৰ্ভ বেংকৰ এক প্ৰতিবেদনত প্ৰকাশিত এক তথ্য অনুসৰি, ২০১৯ চনৰ ডিচেম্বৰৰ পৰা বিগত পাঁচ বছৰত ক্ৰেডিট কাৰ্ডৰ সংখ্যা দুগুণতকৈও অধিক বৃদ্ধি পাই প্ৰায় ১০.৮০ কোটি হৈছে। কিন্তু এই সময়ছোৱাত ডেবিট কাৰ্ডৰ সংখ্যা তুলনামূলকভাৱে একেই আছে।

২০১৯ চনৰ ডিচেম্বৰ মাহত ৫.৫৩ কোটি ক্ৰেডিট কাৰ্ড প্ৰচলন হৈছিল। ইয়াৰ বিপৰীতে ডেবিট কাৰ্ডৰ সংখ্যা তুলনামূলকভাৱে সুস্থিৰ হৈ আছে। ২০১৯ চনৰ ডিচেম্বৰ মাহত ৮০৫.৩ মিলিয়নৰ পৰা ২০২৪ চনৰ ডিচেম্বৰ মাহত ৯৯ কোটি ৯ লাখৰ অলপ বেছি হৈছে।

প্ৰতিবেদনত লগতে কোৱা হৈছে যে, যোৱা এটা দশকত ভাৰতত ডিজিটেল পেমেণ্টৰ গতি দ্ৰুতভাৱে বৃদ্ধি পাইছে। কেলেণ্ডাৰ বৰ্ষ (CY)-২০১৩ত ৭৭২ লাখ কোটি টকা মূল্যৰ ২২২ কোটি ডিজিটেল লেনদেন হোৱাৰ বিপৰীতে ইয়াৰ পৰিমাণ ৯৪ গুণ আৰু মূল্য ৩.৫ গুণতকৈ অধিক বৃদ্ধি পাই ২০,৭৮৭ কোটিৰো অধিক লেনদেন হৈছে যাৰ মূল্য ২০,৭৫৮ লাখ কোটি টকা।

২০২৪ বৰ্ষৰ ডিচেম্বৰৰ পেমেণ্ট চিষ্টেমছ ৰিপ’ৰ্ট উল্লেখিত তথ্য অনুসৰি, “যোৱা পাঁচ বছৰত ভাৰতত ডিজিটেল পেমেণ্ট লেনদেন ভলিউমৰ ক্ষেত্ৰত ৬.৭ গুণ আৰু মূল্যৰ ক্ষেত্ৰত ১.৬ গুণ বৃদ্ধি পাইছে।” যোৱা পাঁচ বছৰত ডিজিটেল পেমেণ্ট পৰিমাণৰ ক্ষেত্ৰত ৪৫.৯ শতাংশ আৰু মূল্যৰ ক্ষেত্ৰত ১০.২ শতাংশ বাৰ্ষিক বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ কৰা প্ৰয়োজন যে, ২০২৪ চনৰ ডিচেম্বৰৰ শেষৰ ফালে ক্ৰেডিট কাৰ্ডৰ সংখ্যা দুগুণতকৈও অধিক বৃদ্ধি পাই প্ৰায় ১০.৮০ কোটি হৈছে। আৰ বি আইয়ে নিজৰ প্ৰতিবেদনত কয় যে, দ্ৰুত পেমেণ্ট ব্যৱস্থাৰ প্ৰসাৰৰ বাবে ইউ পি আইক অন্য দেশৰ সৈতে সংযোগ কৰি সীমা অতিক্ৰম কৰি পেমেণ্ট ক্ষিপ্ৰ কৰাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

ক্ৰেডিট কাৰ্ড