ভাৰতত বাঢ়িছে ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীৰ সংখ্যা...

ভাৰতত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰ। শেহতীয়া ৰিৰ্জাভ বেংকৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা শেহতীয়া তথ্যই দেখুৱাইছে যে ২০২৫

author-image
Asomiya Pratidin
New Update
okil

ডিজিটেল ডেস্কঃ ভাৰতত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰ। শেহতীয়া ৰিৰ্জাভ বেংকৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা শেহতীয়া তথ্যই দেখুৱাইছে যে ২০২৫ চনৰ জানুৱাৰী মাহত ক্ৰেডিট কাৰ্ডৰ ব্যয়  ১০.৮ শতাংশ বৃদ্ধি পাই ১.৮৪ ট্ৰিলিয়ন হৈছে।

উল্লেখ কৰা অনুসৰি,  এইচডিএফচি বেংকৰ ক্ৰেডিট কাৰ্ডৰ ব্যয় বছৰৰ পিছত বছৰ ধৰি ১৫.৯১ শতাংশ বৃদ্ধি পাই ৫০,৬৬৪ কোটি হৈছে। আনহাতে এছ বি আইৰ ৬ শতাংশ হ্ৰাস পাই ২৮,৯৭৬ কোটি টকা হৈছে।  আই চি আই চি আই বেংকৰ ব্যয় বছৰৰ পিছত বছৰ ধৰি ২০.২৫ শতাংশ বৃদ্ধি পাই ৩৫,৬৮২ কোটি টকা হৈছে। আনহাতে, এক্সিছ বেংকৰ ব্যয় ০.৪৫ শতাংশ হ্ৰাস পাই ২০,২১২ কোটি হোৱা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।
তথ্য অনুসৰি ২০২৩ চনৰ ডিচেম্বৰৰ তুলনাত জানুৱাৰী মাহত ক্ৰেডিট কাৰ্ড ইছ্যুৰ সংখ্যাও সামান্য হ্ৰাস পাইছে।২০২৪ চনৰ ডিচেম্বৰ মাহত ৮,২০,০০০ কাৰ্ড সংযোজনৰ বিপৰীতে মাহটোত নেট কাৰ্ড সংযোজন ৮,১৭,২৭৯। জানুৱাৰী মাহত বলবৎ থকা মুঠ কাৰ্ড বছৰৰ পিছত বছৰ ধৰি ৯.৪ শতাংশ বৃদ্ধি পাই ১০৮.৮৭ মিলিয়ন হৈছে।

অগ্ৰণী ক্ৰেডিট কাৰ্ড ইছ্যুকাৰী এইচ ডি এফ চি বেংকে জানুৱাৰী মাহত ২,৯৯,৭৬১খন কাৰ্ড নতুনকৈ সংযোজন কৰিছে। একেদৰে এছ বি আই কাৰ্ডত ২,৩৪,৫৩৭ খন কাৰ্ড আৰু আই চি আই চি আই বেংকে ১,৮৩,১৫৭ খন কাৰ্ড সংযোজন কৰে। এক্সিছ বেংকৰ নেট কাৰ্ড সংযোজন মাহটোত ১৪,৮৬২ টা হ্ৰাস পাইছে।

এছ বি আই