/asomiyapratidin/media/media_files/2025/05/06/StEMp4N9rr5UajWmgDfd.jpg)
চতিয়াৰ কৰৈয়নীত সৃষ্টিমূলক নৃত্য কৰ্মশালাৰ আয়োজন
ডিজিটেল সংবাদ, জামুগুৰিহাট : চতিয়াৰ দক্ষিণ অঞ্চলত সিপৰীয়া ৰঙালী বিহু উদযাপন সমিতৰ উদ্যোগত সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে ১০ দিনীয়া সৃষ্টিশীল নৃত্যৰ এখনি কৰ্মশালা ৷ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু ৰাইজৰ অধ্যুষিত অঞ্চল বৃহত্তৰ কৰৈয়নী অঞ্চলটোত এক সাংস্কৃতিক পৰিবেশ সৃষ্টিৰ লক্ষ্যৰে চতিয়াৰ ন-দুৱাৰ সংগীত বিদ্যাপীঠৰ সহযোগত আয়োজিত কৰ্মশালাখনিত অঞ্চলটোৰ ধৰ্মীয় সংখ্যালঘু আৰু গোৰ্খা জনগোষ্ঠীৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে ।
প্ৰণিধানযোগ্য যে, এটা সময় আছিল য’ত ইছলাম ধৰ্মাৱলম্বী ছাত্ৰ-ছাত্ৰীসকলক ধৰ্মৰ দোহাই দি গীত নৃত্যকে আদি কৰি সাংস্কৃতিক অনুষ্ঠান বিলাকৰ পৰা কৌশলৰে আতঁৰাই ৰাখিবলৈ চেষ্টা কৰিছিল একাংশ ধৰ্মান্ধ লোকে৷ কিন্তু এতিয়া সেই দিন উকলিল আৰু মানুহ শিক্ষিত হোৱাৰ বাবেই ধৰ্মীয় গোৰামীৰ পৰা ওলাই আহি চৰ চাপৰি অঞ্চলসমূহৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সন্তান ছাত্ৰ-ছাত্ৰীসকলেও আৰম্ভ কৰিছে গীত নৃত্যৰ চৰ্চা৷
তাৰেই এক বিৰল উদাহৰণ দাঙি ধৰিছে চতিয়াৰ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চল কৰৈয়নীত অনুষ্ঠিত হোৱা এই সৃষ্টিশীল নৃত্যৰ কৰ্মশালাখনিয়ে। ন-দুৱাৰ সংগীত বিদ্যাপীঠে এক মহৎ উদেশ্য আগত ৰাখি এই ধৰণৰ সংস্কৃতিক কাৰ্য্যসূচী গ্ৰহণ কৰাত অঞ্চলটোৰ সাধাৰণ ৰাইজ উৎফুল্লিত হৈ পৰিছে।