সাংসদ ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণৰ নিন্দা চিপিআই(এম)ৰ

চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণক নিন্দা কৰাৰ লগতে আক্ৰমণৰ লগত জড়িত দুষ্কৃতিকাৰীসকলক অতি শীঘ্ৰেই চিনাক্ত কৰি আইনসন্মত কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাইছে।

author-image
Asomiya Pratidin
New Update
cvbcb

ডিজিটেল সংবাদ,গুৱাহাটীঃ চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে আজি দিন দুপৰতে নগাঁও জিলাৰ ৰূপহীহাটৰ নতুন বজাৰ অঞ্চলত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনাক তীব্ৰ নিন্দা কৰে।

Advertisment

প্ৰাপ্ত সংবাদ মতে আজি দিনৰ বেলাতে ৰূপহীহাটৰ গুণাবাৰীত এখন দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ যোৱা সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীক নতুন বজাৰ অঞ্চলত এদল গুণ্ডা বাহিনীয়ে মুখত ক'লা কাপোৰ পিন্ধি আৰু ক'লা পতাকা প্ৰদৰ্শন কৰি আক্ৰমণ কৰে।

নিঃসন্দেহে ক'ব পাৰি যে এই আক্ৰমণ আছিল সংগঠিত আৰু সম্পূৰ্ণভাৱে পূৰ্ব পৰিকল্পিত। এই ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰিছে যে বিজেপি শাসিত অসমত আইন-শৃংখলা পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটিছে আৰু গণতন্ত্ৰ নিধনৰো পূৰ্ণোদ্যমে আখৰা চলিছে।

 ৰাজ্যত জনগণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধি তথা সাংসদৰে নিৰাপত্তা নোহোৱা হ'লে, সাধাৰণ জনতাৰ অৱস্থা কেনে হ'ব পাৰে, সেয়া সহজেই অনুমেয়। দৰাচলতে বিৰোধী দলসমূহৰ কাম-কাজত ভয়-ভাবুকি তথা বাধা প্ৰদান আৰু ৰাজ্যত গণতন্ত্ৰক হত্যা কৰাই হ'ল এনে ঘৃণ্য আক্ৰমণৰ প্ৰধান লক্ষ্য।

চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে সাংসদ হুছেইনৰ ওপৰত হোৱা আক্ৰমণক নিন্দা কৰাৰ লগতে আক্ৰমণৰ লগত জড়িত দুষ্কৃতিকাৰীসকলক অতি শীঘ্ৰেই চিনাক্ত কৰি আইনসন্মত কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাইছে। দুৰ্বৃত্ত বাহিনীক ততালিকে ধৰা পেলাই শাস্তি প্ৰদান কৰিব নোৱাৰিলে শাসক দল তথা ৰাজ্য প্ৰশাসনৰ পৃষ্ঠপোষকতাতে এই আক্ৰমণ সংগঠিত হোৱা বুলি ধৰি ল'ব লাগিব।

ৰকিবুল হুছেইন