চিলাপথাৰত চুৰি কৰিবলৈ আহি কৰায়ত্ত হ'ল এটা গভাইত গৰু চোৰ

চিলাপথাৰত চুৰি কৰিবলৈ আহি কৰায়ত্ত হ'ল এটা গভাইত গৰু চোৰ। অঞ্চলটোত চোৰৰ উৎপাত বৃদ্ধিৰ ঘটনাই ৰাইজক উদ্বিগ্ন কৰি ৰখাৰ সময়তে বুধবাৰৰ নিশা পুনৰ সংঘটিত হ'ল চুৰিৰ ঘটনা। খবৰ অনুসৰি, বুধবাৰৰ নিশা এখন চাৰিচকীয়া বাহন লৈ চুৰি কৰিবলৈ আহিছিল এটা গভাইট চোৰৰ দল।

author-image
Asomiya Pratidin
New Update
গৰু চোৰক আটক

গৰু চোৰক আটক

ডিজিটেল সংবাদ, চিলাপথাৰ: চিলাপথাৰত পুনৰ গৰু চুৰিৰ ঘটনা। চুৰি কৰিবলৈ আহি কৰায়ত্ত হ'ল এটা গভাইত গৰু চোৰ। অঞ্চলটোত চোৰৰ উৎপাত বৃদ্ধিৰ ঘটনাই ৰাইজক উদ্বিগ্ন কৰি ৰখাৰ সময়তে বুধবাৰৰ নিশা পুনৰ সংঘটিত হ'ল চুৰিৰ ঘটনা। খবৰ অনুসৰি, বুধবাৰৰ নিশা এখন চাৰিচকীয়া বাহন লৈ চুৰি কৰিবলৈ আহিছিল এটা গভাইট চোৰৰ দল। দলটোৱে পোনতে চিলাপথাৰৰ বোকা দিঘলী গাওঁৰ বাবাল পেগুৰ গোহালিৰ পৰা সৰকালে এহাল বলধ। তাৰ পিছতে কুলাজনৰ গুনাৰাম পেগুৰ গোহালিত প্ৰৱেশ কৰে চোৰটোৱে। 

Advertisment

পিছে কপাল বেয়া আছিল চোৰৰ। নিৰাপদ দূৰত্বত বাহনখন ৰাখি গোহালিত প্ৰৱেশ কৰাৰ সময়তে কুকুৰে বাধা প্ৰদান কৰে চোৰক। কুকুৰৰ ভুক ভুকনি শুনি গিৰিহঁত ওলাই আহি গোহালিত গৰু নিবলৈ চেষ্টা কৰি থকা অৱস্থাত চোৰ প্ৰত্যক্ষ কৰি চিঞৰ‌ বাখৰ লগায়। মূহুৰ্তত ভিতৰতে প্ৰতিৱেশী ৰাইজ ওলাই আহি এটা চোৰক কৰায়ত্ব কৰে। বৃহস্পতিবাৰে পুৱা ৰাইজে স্থানীয় আৰক্ষীৰ হাতত গতাই দিয়ে চোৰটোক।  চোৰৰ দলটোত ডিব্ৰুগড় ৰকীব আৰু কুলাজানৰ মহৰি পাইত আছিল যদিও সুযোগ বুজি গৰু এৰি বাহনসহ পলায়ন কৰি কৰে। দীৰ্ঘদিন পৰা স্থানীয় চোৰ মহৰী পাইটে চুৰি কাৰ্যত চোৰৰ দলক সহযোগ কৰি আহিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। 

 

চিলাপথাৰ গৰু চুৰি গৰু চোৰ