বিলাসী বাহন মানেই ভদ্ৰলোক নহয়ঃ বাহনৰ ভিতৰত থাকিব পাৰে চোৰ আৰু চোৰাং গৰু...

author-image
Asomiya Pratidin
New Update
বিলাসী বাহন মানেই ভদ্ৰলোক নহয়ঃ বাহনৰ ভিতৰত থাকিব পাৰে চোৰ আৰু চোৰাং গৰু...

গৰু চোৰ

ডিজিটেল সংবাদ নগাওঁঃ গৰু চোৰৰ নতুন কৌশল। ট্ৰাক অথবা মালবাহী বাহন নহয়, এইবাৰ বিলাসী বাহন লৈ গৰু চুৰি কাৰ্যত নামিছে চোৰৰ দল। নগাঁৱত এখন বিলাসী বাহন জব্দ কৰাৰ পিছতে পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য।

Advertisment

নগাঁৱৰ ঘাঁহীৰ জাগীয়াল-বেবজিয়াত স্থানীয় ৰাইজে গৰুখহ এজন জাইল' বাহন জব্দ কৰে। জব্দ কৰা বাহনখন গৰু লৈ যাব পৰাকৈ ভিতৰৰ আসন খুলি সুবিধাজনক কৰি লৈছিল গৰু চুৰি চক্ৰটোৱে।

আজি পুৱতি নিশা প্ৰায় ৩ বজাত ঘাঁহীৰ জাগীয়াল-বেবজিয়াৰ কৃষক খগেন দাসৰ গোহালিৰ পৰা দুটাকৈ বলধ গৰু চোৰ কৰিবলৈ চেষ্টা কৰিছিল চোৰ দলটোৱে। জাইল' বাহনখনত গৰু দুটা লৈ চোৰৰ দলটো পলাবলৈ চেষ্টা কৰাৰ সময়তে গৃহস্থই ঘটনাৰ উমান পাই হুলস্থুল কৰে।

ইফালে গৃহস্থ আৰু স্থানীয় ৰাইজৰ হুলস্থুলত চোৰৰ দলটোৱে জাইল' বাহনখনৰ লগতে চুৰি কৰা গৰু দুটা কৃষকগৰাকীৰ বাসগৃহৰ পৰা ৫০০ মিটাৰ দূৰত এৰি আঁতৰি যায়। গৰু চুৰিৰ বাবে ব্যৱহাৰ কৰা এই জাইল' বাহনখনৰ নম্বৰ ML10A 3752। জানিব পৰা মতে বাহনখনত আছিল ৪ টা চোৰ।

উল্লেখ্য যে নগাঁৱত এইদৰে বিভিন্ন বাহনত গৰু চুৰি কৰাৰ ঘটনা এয়াই নতুন নহয়। ইয়াৰ পূৰ্বেও গৰু চুৰি চক্ৰই বিভিন্ন বাহনত গৰু চুৰি কাৰ্য অব্যাহত ৰাখিছে। শেহতীয়াকৈ নৈশ বাছত চোৰাং গৰু সৰবৰাহৰ তথ্য পোহৰলৈ আহিছিল।কলিয়াবৰৰ মিছা আৰক্ষীৰ জালত পৰিছিল চোৰাং গৰু সৰবৰাহ কৰা 'ৰাঘৱ' নামৰ বাছখন।

assam NOGAON