/asomiyapratidin/media/media_files/2025/02/07/SEbFFYz7OdbY2vrkllsC.jpg)
ডিজিটেল সংবাদ,চাবুৱাঃ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত চাবুৱাৰ মোকালবাৰীত গৰু চুৰিৰ ঘটনাক লৈ উত্তাল হৈ পৰিছে পৰিস্থিতি। জানিব পৰা মতে, গৰু চোৰৰ সন্দেহত ৰাজপথেৰে তিনিটা গৰু নি থকা এখন বাহন ৰখাই গাড়ী চালকক প্ৰহাৰ কৰে একাংশই।
আৰক্ষীৰ সন্মুখতেই চালকজনক মাৰ-পিট কৰি অচেতন কৰি দিয়ে। উত্তেজিত একাংশ কেৱল ইমানতে শান্ত নাথকি গৰু কিনি নিয়া যুৱককো সোধ-পোচ নকৰাকৈ গৰু চোৰৰ সন্দেহত মাৰ-পিট কৰে। পৰৱৰ্তী সময়ত তদন্তৰ পাছত গৰু তিনিটা চোৰাং গৰু নাছিল বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, অঞ্চলটোত বহু দিনৰ পৰা গৰু চোৰ হৈ আছে যাৰ ফলত ক্ষোভিত হৈ আছে ভুক্তভোগী ৰাইজ। কিন্তু এনেদৰে নিৰিহ লোকক প্ৰশাসনৰ লোকৰ সন্মুখতে মাৰ-পিট কৰাতো কিমান উচিত বুলিও প্ৰশ্ন উত্থাপন কৰিছে একাংশ সমাজ সচেতন লোকে।