/asomiyapratidin/media/media_files/2024/12/10/s13qlujx6lZ3hWHcqPZq.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ চতিয়া আৰক্ষীয়ে যোৱা নিশা অভিযান চলায় পাঁচটাকৈ গভাইট গৰুচোৰ আটক কৰিছে। এখন চুইফট ডিজেয়াৰ গাড়ীত এটা গৰু ভৰাই আনি থকা খৱৰ লাভ কৰাৰ ৰিছতে অভযান চলাইছিল আৰক্ষীয়ে ।
চতিয়া আৰক্ষীয়ে চতিয়াৰ চমাৰদলনিত গাঁওৰক্ষীৰ সহযোগত গৰুসহ কৰায়ত্ব কৰিবলৈ সক্ষম হয় পাঁচটাকৈ গভাইট গৰুচোৰক। চতিয়া আৰক্ষীয়ে আটক কৰা চোৰ কেইটাৰ নাম হ'ল ছফিকুল ইছলাম,ইদিল হুছেইন,আচিকুৰ ৰহমান,চাদ্দাম হুছেইন আৰু বাচিৰ আলি।
ইয়াৰে তিনিটা গৰুচোৰ নগাঁও জিলাৰ লগতে আন দুজনৰ ঘৰ বিশ্বনাথ চাৰিআলিত। আৰক্ষীয়ে জব্দ কৰা চুইফট ডিজেয়াৰ খনৰ নাম্বৰ হ'ল AS -31A - 4373। চতিয়া আৰক্ষীয়ে ইতিমধ্যে ধৃত গৰুচোৰ পাঁচটাক জেল-হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে।