কভিড পজিটিভৰ সংখ্যা ১,০১,৩৪৩ লৈ বৃদ্ধি, কভিডত দৈনিক মৃত্যু ৮-১০জনৰ…

কভিড পজিটিভৰ সংখ্যা ১,০১,৩৪৩ লৈ বৃদ্ধি, কভিডত দৈনিক মৃত্যু ৮-১০জনৰ…

author-image
asomiyapratidin
New Update
কভিড পজিটিভৰ সংখ্যা ১,০১,৩৪৩ লৈ বৃদ্ধি, কভিডত দৈনিক মৃত্যু ৮-১০জনৰ…

ডিজিটেল ডেস্ক : দেশত বৃদ্ধি পাইছে কভিড-১৯ৰ ভয়াৱহ সংক্ৰমণ। ২৪ ঘন্টাত দেশত ১২.৬০৮ টা নতুনকৈ পজিটিভৰ সংখ্যা বৃদ্ধি পাইছে। ৰাজধানী দিল্লী হৈ পৰিছে কভিডৰ নতুন হটছপট। দিল্লীত প্ৰতিদিনে ৮-১০ জন লোকৰ মৃত্যু হৈছে কভিডত আক্ৰান্ত হৈ। লগতে আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে।

Advertisment

উল্লেখ্য যে বুধবাৰে কভিডত আক্ৰান্তৰ সংখ্যা আছিল ৯,০৬২ টা আৰু ২৪ ঘন্টাত নতুনকৈ ১২.৬০৮ টা পজিটিভৰ সংখ্যা বৃদ্ধি পাইছে। তথ্য অনুসৰি জানিব পাৰি যে বুধবাৰৰ তুলনাত বৃহস্পতিবাৰে ৩,৫৪৬টা নতুন কভিড পজিটিভৰ সংখ্যা বৃদ্ধি পাইছে।


— ANI (@ANI) August 18, 2022

দেশত কৰ'ণাৰ সক্ৰিয় ঘটনাৰ সংখ্যা ১,০১,৩৪৩ লৈ বৃদ্ধি হৈছে। আনহাতে, দৈনিক পজিটিভ হাৰ ৩.৪৮ শতাংশ। মৃত্যুৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাইছে।

আৰু পঢ়ক : পহিলা ভাদত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত আৰম্ভ পৰম্পৰাগত নামকীৰ্ত্তন

covid 19 india