/asomiyapratidin/media/media_files/2025/08/11/1-2025-08-11-15-57-37.jpg)
ডিজিটেল সংবাদ, ধেমাজি: ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশ কল্যানজিৎ শইকীয়া আদালতে এটা হত্যাকাণ্ডৰ গোচৰত সোমবাৰে এক গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে ৷
উল্লেখ্য যে, ২০১৯ চনত ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত নাহৰবাৰী গাঁৱত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা। ভাত খাই থাকোতে নিজ পুত্ৰক দাৰে ঘপিয়াই হত্যা কৰিছিল পিতৃ ভৱকান্ত নৰহে ৷
ধেমাজি সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত ২৬৮/২০১৯ নম্বৰত উক্ত গোচৰটো পঞ্জীয়ন হয়। বিগত ৬ বছৰৰ অন্তত হত্যাকাৰী পিতৃ ভৱকান্ত নৰহক আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান দিয়ে। লগতে দুহেজাৰ টকাৰ জৰিমণা বিহে ৷