ডিজিটেল ডেস্ক : আৰম্ভ হৈছে প্ৰহৰ গণনা। কিয়নো আজি ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা কিছু সময় পাছতে আৰম্ভ হ’ব। শনিবাৰে পুৱা ৮-০০ বজাৰ লগে লগে আৰম্ভ হ’ব ভোটগণনা পৰ্ব। প্ৰতিটো সমষ্টিতে ১২-১৪ টা ৰাউণ্ডত ভোটগণনা হোৱাৰ সম্ভাৱনা আছে।
বিহালী, চামগুৰি, ধলাই, চিদলী আৰু বঙাইগাঁও সমষ্টিত অনুষ্ঠিত হৈছিল উপ নিৰ্বাচন। এই নিৰ্বাচনৰ ফলাফলকলৈ এতিয়া ৰাজ্যজুৰি চৰ্চিত হৈছে। কোনে মাৰিব শেষ হাঁহি, কাৰ দখললৈ যাব কোন সমষ্টি। ইয়াৰ মাজতে বিশেষভাৱে চৰ্চিত হৈছে চামগুৰি সমষ্টিৰ নাম।
কিয়নো চামগুৰি সমষ্টিত ৰকিবুল তনয় তানজিল হুছেইনে কংগ্ৰেছৰ সমৰ্থন আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। তাৰোপৰি বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মাই এই সমষ্টিটোৰ পৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।
ৰাজনৈতিক বিশ্লেষকৰ মতে তানজিল আৰু দিল্পুৰঞ্জনৰ মাজতে হ'ব মূল যুঁজখন। সেয়ে এই সমষ্টিটো বিশেষভাৱে চৰ্চা লাভ কৰিছে। সমষ্টিটোৰ পৰা সৰ্বমুঠ ১১ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও এই দুইগৰাকী প্ৰাৰ্থীৰ নাম বিশেষকৈ চৰ্চা হৈছে ৰাজনৈতিক মহলত।
একেদৰে বঙাইগাঁও সমষ্টিও সমানে সমানে চৰ্চিত হৈছে। সমষ্টিটোত অগপ সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে যোৱা ১৩ নৱেম্বৰৰ দিনা ৰাজ্যৰ পাঁচোটা সমষ্টিত অনুষ্ঠিত হৈছিল উপ নিৰ্বাচন। এই নিৰ্বাচনত মুঠ ৩৪ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছিল নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা।
এই আটাইকেটা সমষ্টিৰ ভিতৰত চামগুৰি সমষ্টিত সৰ্বাধিক সংখ্যক ভোটাৰে ভোটদান কৰিছিল। সমষ্টিটোত ভোটদানৰ হাৰ আছিল ৭৮. ১০ শতাংশ।
একেদৰে ৩১নং চিদলী সমষ্টিত ভোটদানৰ হাৰ আছিল ৭১.৫০শতাংশ, ৩২নং বঙাইগাঁও সমষ্টিত ভোটদানৰ হাৰ আছিল ৭২.১০শতাংশ আৰু ১১নং ধলাই সমষ্টিত ভোটদানৰ হাৰ আছিল ৭২ শতাংশ।