ত্ৰিপুৰাত নিষিদ্ধ কফ ছিৰাপ জব্দ: গ্ৰেপ্তাৰ চালক-হেণ্ডিমেন

পিয়াজৰ বস্তাৰ  তলত গোপন চেম্বাৰত লুকুৱাই অনা হৈছিল এছকাফ নামৰ কফ ছিৰাপৰ বটল সমূহ। জব্দ কৰা কফ ছিৰাপ খিনিৰ মূল্য প্ৰায় ১.২ কোটি টকা বুলি সদৰী কৰিছে ধলাই জিলাৰ আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, শিলচৰ: চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ আমবাচাত বুজণ পৰিমাণৰ নিচাজাতীয় কফ ছিৰাপ জব্দ কৰিছে আৰক্ষীয়ে। ধলাই জিলাৰ বেত বাগান তালাচী চকীত এখন পিয়াজ ভৰ্তি ট্ৰাকত তালাচী চলাই আৰক্ষীয়ে ৬৭ হাজাৰ বটল নিষিদ্ধ কফ ছিৰাপ জব্দ কৰে।

Advertisment

পিয়াজৰ বস্তাৰ  তলত গোপন চেম্বাৰত লুকুৱাই অনা হৈছিল এছকাফ নামৰ কফ ছিৰাপৰ বটল সমূহ। জব্দ কৰা কফ ছিৰাপ খিনিৰ মূল্য প্ৰায় ১.২ কোটি টকা বুলি সদৰী কৰিছে ধলাই জিলাৰ আৰক্ষীয়ে।

নিষিদ্ধ কফ ছিৰাপ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ট্ৰাক খনৰ চালক আৰু সহ চালক গ্ৰেপ্তাৰ কৰা হৈছে।‌ কফ ছিৰাপ খিনি বহিঃ ৰাজ্যৰ পৰা ত্ৰিপুৰালৈ অনা হৈছিল।

ত্ৰিপুৰা