কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন ...

কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত দ্য আছাম ট্ৰিবিউন কাকতৰ সহকাৰী সম্পাদক মনীষ গোস্বামী আৰু প্ৰতিদিন টাইমৰ বাৰ্তা সম্পাদক পংকজ শইকীয়াৰ
cotton university
cotton university

ডিজিটেল ডেস্কঃ কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগৰ ষষ্ঠ বাৰ্ষিক প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনখন ৭ ছেপ্টেম্বৰ, বুধবাৰে অনুষ্ঠিত হয়। সেইমৰ্মে কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্ছন প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানৰ পুৱা ১০:৩০ বজাৰ পৰা ২ বজালৈ এখন কৰ্মশালাৰ অনুষ্ঠিত হয়। ছপা আৰু বৈদ্যুতিন মাধ্যমৰ বাবে লেখন শৈলী বিষয়ক অনুষ্ঠিতব্য কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে দ্য আছাম ট্ৰিবিউন কাকতৰ সহকাৰী সম্পাদক মনীষ গোস্বামী আৰু প্ৰতিদিন টাইমৰ বাৰ্তা সম্পাদক পংকজ শইকীয়া।

দিনৰ ২ বজাৰ পৰা আবেলি ৪ বজালৈ বিভাগটোৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ মাজত মত- বিনিময় অনুষ্ঠান এটিও অনুষ্ঠিত হয়। আবেলি ৪:৩০ বজাৰ পৰা সন্ধিয়া ৫:৩০ বজালৈ অনুষ্ঠিত হয় আন এটি বিশেষ অনুষ্ঠান। অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে নাহৰকটীয়া সমষ্টিৰ বিধায়ক, অসম ৰাজ্যিক যুৱ আয়োগৰ অধ্যক্ষ তথা অসম অলিম্পিক এছ'চিয়েচনৰ যুটীয়া সম্পাদক তৰংগ গগৈ, দ্য আছাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱা, অসমীয়া খবৰ কাকতৰ সম্পাদক বিশ্বজিৎ দাস। অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্র তথা India Today ৰ কাৰ্যবাহী সম্পাদক কৌশিক ডেকা।

অনুষ্ঠানত বিধায়ক তৰংগ গগৈয়ে অসম ৰাজ্যিক যুৱ আয়োগে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ লগতে বিশেষকৈ সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত অসমৰ শিক্ষার্থীসকলে উত্তীৰ্ণ হ'ব পৰাকৈ সহায়-সহযোগ কৰাৰ বাবে পদক্ষেপ গ্ৰহণৰ কথা উল্লেখ কৰে।

India Today ৰ কাৰ্যবাহী সম্পাদক কৌশিক ডেকাই সংবাদ মাধ্যমৰ লগত বিজ্ঞাপনৰ সম্পৰ্কৰ বিষয়ে আলোকপাত কৰে।

অসমীয়া খবৰ কাকতৰ সম্পাদক বিশ্বজিৎ দাসে সংবাদ মাধ্যমত কৰ্মৰত সময়ত আত্মবিশ্বাসৰ প্ৰয়োজন অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰে। তেওঁ লগতে বাতৰিৰ গুৰুত্ব সন্দৰ্ভতো ব্যাখ্যা কৰে। দীৰ্ঘদিনে ধৰি বিভাগটোৰ হৈতে জড়িত থকা আছাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱাই ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে কটোৱা বিশেষ মূহুৰ্তবোৰৰ কথা স্মৰণ কৰে। তেওঁ সংবাদ মাধ্যমৰ সৈতে জড়িত হোৱাৰ উপৰি আন আন ক্ষেত্ৰতো গণমাধ্যম আৰু সাংবাদিকতাৰ শিক্ষাৰ্থীসকল কেনেদৰে আগুৱাই যাব পাৰে, সেই বিষয়ে বিশ্লেষণ কৰে।

সন্ধিয়া ৬:৩০ বজাৰ পৰা অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত বিভাগটোৰ বৰ্তমান তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ উপৰি জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা, গাৰ্গী দাস আৰু অনুৰাগ শইকীয়াই গীত পৰিৱেশন কৰে। বিভাগটোৰ ন-পুৰণি প্ৰায় ৩ শতাধিক শিক্ষার্থী অনুষ্ঠানত উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in