/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/dc2bdce8-7737-4183-a8c3-56aab817220d/12.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী: 'দেশভক্ত তৰুণ ৰাম ফুকনৰ জীৱন যেন শ্রীকৃষ্ণই গীতাত কোৱাৰ দৰে নিষ্কাম যোগীৰ দৰে। দেশৰ স্বাধীনতা সংগ্রামৰ অন্তৰ্নিহিত দর্শন আহিছিল গীতাৰ পৰা। মহাত্মাৰ বাণী অসমৰ চৌদিশে বিয়পাই দিয়াত ফুকনৰ অৱদান আছিল অপৰিসীম। গান্ধীজীয়ে দেখুৱাইছিল যে জীৱনত মোক্ষ লাভ আৰু দেশে স্বাধীনতা লাভ কৰা দুয়োটা সমান কথা'-
দেওবাৰে কটন বিশ্ববিদ্যালয় প্রশাসনে বিশ্ববিদ্যালয়ৰ দক্ষতা বিকাশ কেন্দ্রৰ সহযোগত আয়োজন কৰা 'দেশভক্তি দিৱস' উদযাপনত বক্তৃতা প্রদান কৰি লেখক তথা কলা সমালোচক জ্যোতি খাটনিয়াৰে এই মন্তব্য আগবঢ়ায়।
'দেশভক্তৰ জীৱন-দৰ্শন, উৎস আৰু প্রাসংগিতা' শীর্ষক বক্তৃতাত খাটনিয়াৰে লগতে কয় যে, তৰুণ ৰাম ফুকনৰ দৃঢ় নৈতিক চৰিত্র, তেওঁৰ প্রখৰ বুদ্ধিদীপ্ততা আৰু ইংৰাজী ভাষাত থকা প্রগাঢ় দখলৰ বাবে তেঁওক ব্রিটিছ প্রশাসনকে ধৰি সকলোৱে শ্রদ্ধা কৰিছিল। সমসাময়িক সকলৰ দৃষ্টিত দেশভক্তৰ দুটা প্রধান গুণ আছিল- তেওঁৰ গভীৰ আত্মনির্ভৰশীলতা আৰু বিকাৰশূণ্য প্রবৃত্তি।
উল্লেখ্য যে, উক্ত অনুষ্ঠানটিত দেশভক্তৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ অৰিন্দম গাৰ্গ আৰু উপস্থিত থকা কেইবাগৰাকী ব্যক্তিয়ে। অনুষ্ঠানটিৰ আঁত ধৰে অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড০ দিলীপ ৰাজবংশীয়ে। এই মনোজ্ঞ তথা তথ্যগধুৰ বক্তৃতানুষ্ঠানটি সাফল্যমণ্ডিত কৰা বাবে দক্ষতা বিকাশ কেন্দ্রৰ ভাৰপ্রাপ্ত সঞ্চালক ড০ সংগীতা বৰঠাকুৰে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us