/asomiyapratidin/media/media_files/2024/12/10/mSrEKjhHkPkQcZ6yZv50.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : মঙলবাৰে কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত আধুনিক অসমৰ জ্যোতিষ্ক হেমচন্দ্ৰ বৰুৱাৰ ১৯০ সংখ্যক জন্মদিন উপলক্ষে কুসংস্কাৰ -অন্ধবিশ্বাসবিৰোধী দিৱস উদযাপন কৰা হয়। ইলোৰা বিজ্ঞান মঞ্চ আৰু কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ যৌথ উদ্যোগত আয়োজিত অনুষ্ঠানটো জাতীয় সংগীতেৰে আৰম্ভণী কৰা হয়।
হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণৰ পিছত অসমীয়া বিভাগৰ ছাত্ৰ -ছাত্ৰীসকলে ইলোৰা বিজ্ঞান মঞ্চৰ শীৰ্ষ গীত পৰিবেশন কৰে । আদৰণী ভাষণ প্ৰদান কৰে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক মহেশ্বৰ কলিতাই।
অধ্যাপক কলিতাই হেমচন্দ্ৰ বৰুৱাৰ জীৱন আৰু কৃতিৰ সন্দৰ্ভত চমু আলোকপাত কৰে। সভাৰ উদ্বোধনী ভাষণ প্ৰদান কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই।
অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তৰণী ডেকা। অধ্যাপক ডেকাই "অসমীয়া ভাষা সাহিত্যলৈ হেমচন্দ্ৰ বৰুৱাৰ অৱদান" শীৰ্ষক বিষয়ত তথ্যপূৰ্ণ ভাষণ আগবঢ়ায়। ঊনবিংশ শতিকাত অসমীয়া ভাষা সাহিত্যই আত্মপ্ৰতিষ্ঠা লাভ কৰাত হেমচন্দ্ৰ বৰুৱাই সংগ্ৰামী ভূমিকা পালন কৰিছিল বুলি ডেকাই বক্তৃতাৰ মাজত কয়।
অসমীয়া ভাষাৰ লগতে সাহিত্যৰ জগতখনৈও হেমচন্দ্ৰ বৰুৱাৰ অৱদান উল্লেখযোগ্য। অধ্যাপক ডেকাই হেমচন্দ্ৰ বৰুৱাৰ অৱদান আলোচনাৰ প্ৰসংগত আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ আৱদানো আলোচনা কৰে।
সভাৰ আন এগৰাকী নিদিষ্ট বক্তা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডাঃ জয়দেৱ শৰ্মাই "নাৰীৰ অধিকাৰৰ হকে আৰু কুসংস্কাৰ -অন্ধবিশ্বাসবিৰোধী বিৰুদ্ধে হেমচন্দ্ৰ বৰুৱাৰ সংগ্ৰাম" শীৰ্ষক বিষয়ত সাৰগৰ্ভ আলোচনা আগবঢ়ায়।
উনবিংশ শতিকাৰ সময়ছোৱাত কুসংস্কাৰ আৰু অন্ধবিশ্বাস সমাজৰ পৰা আঁতৰাবলৈ হেমচন্দ্ৰ বৰুৱাই কেনেদৰে সংগ্ৰাম কৰিছিল সেই বিষয়ত তথ্যপূৰ্ণ আলোচনা আগবঢ়ায়। ডাঃ শৰ্মাই হেমচন্দ্ৰ বৰুৱাৰ অন্যতম কৃতি 'কানীয়াৰ কীৰ্তন" আৰু"বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী"ৰ বিষয়ে আলোকপাত কৰে।
অনুষ্ঠানত অসমীয়া বিভাগৰ ছাত্ৰ -ছাত্ৰীসকলে গীত-নৃত্য পৰিৱেশন কৰে। অনুষ্ঠানটো সঞ্চালনা কৰে ইলোৰা বিজ্ঞান মঞ্চৰ কাৰ্যকৰী সভাপতি ড০ পৰমানন্দ মজুমদাৰে। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই মনোজ ৰয়ে আৰু আজিৰ সমগ্ৰ অনুষ্ঠানটোৰ আঁত ধৰে অসমীয়া বিভাগৰ অধ্যাপক নুৰুল ইছলাম শইকীয়াই।