/asomiyapratidin/media/media_files/2025/04/08/proTjgcuSY6yNjnmXLfV.jpg)
ডিজিটেল সংবাদ, চিৰাং : কলকাতাৰ পৰা হিন্দুস্থান ইউনিলিভাৰ প্ৰসাধন সামগ্ৰী কঢ়িয়াই গুৱাহাটী অভিমুখে আহি থকা AS 01 NC 3091 পঞ্জীয়নৰ দহচকীয়া বাহনৰ পৰা ৰহস্যজনক লুন্ঠন কৰাৰ এক চাঞ্চল্যকৰ ঘটনা মঙলবাৰে পোহৰলৈ আহিছে । কলকাতাৰ পৰা গুৱাহাটীগামী ট্ৰাকৰ পৰা ৰহস্যজনকভাৱে চুৰি হোৱা প্ৰায় ৩৬ লাখ টকাৰ প্ৰসাধন সামগ্ৰীখিনি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ অন্তৰ্গত থাইঝোবাৰীৰ জনৈক সৌমখৌৰ বসুমতাৰীৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে ৰুণীখাতা থানাৰ আৰক্ষীয়ে।
দুটাকৈ কোঠালীত চুৰি সামগ্ৰী মজুত কৰি ৰখা ৰুণীখাতা থানাৰ আৰক্ষীয়ে ঘৰটোৰ গৰাকী সৌমখৌৰ বসুমতাৰীক গ্ৰেপ্তাৰ কৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত ট্ৰাকৰ মালিক পক্ষই সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে যোৱা ৪ এপ্ৰিলত কলকাতাৰ পৰা হিন্দুস্থান ইউনিলিভাৰ প্ৰসাধন সামগ্ৰী লৈ ট্ৰাকখন আহি থকা অৱস্থাত হঠাতেই ৬ এপ্ৰিলত শ্ৰীৰামপুৰ গেট পাৰ কৰাৰ পিছতেই জিপিএছ কাম কৰা বন্ধ দিয়ে।
তাৰ পিছত খালী ট্ৰাকখন চালক ক্ৰমে ৰূপচান্দ আলী (৩৮) ইমামুল হক ( ৩২) সহ গোৱালপাৰা জিলাৰ পঞ্চৰত্ন এলেকাত উদ্ধাৰ কৰা হয় । ইপিনে চালক দুজনৰ ৰহস্যজনক স্থিতিৰ প্ৰতি লক্ষ্য কৰি সমগ্ৰ ঘটনাটো অসম আৰক্ষীৰ আগত অৱগত কৰে ।
আৰক্ষীয়ে চালক দুজনক আটক কৰি সোধা-পোছা কৰাত তেওঁলোকৰ ভাষ্য আৰু জিপিএছৰ তথ্যৰ ভিত্তিত আজি পুৱাৰ ভাগত ৰুণীখাতা থানাৰ অন্তৰ্গত ভিতৰুৱা গাঁৱৰ সৌমখৌৰ বসুমতাৰী নামৰ এজন কুখ্যাত অপৰাধী তথা বনমাফিয়াৰ বাসগৃহত ৩৬ লাখ টকীয়া চুৰিযোৱা সামগ্ৰী মজুত কৰিৰখা অৱস্থাত উদ্ধাৰ কৰে । উল্লেখ্য যে গ্ৰেপ্তাৰ হোৱা সৌমখৌৰ বসুমতাৰী চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত এলেকাৰ এগৰাকী কুখ্যাত বনমাফিয়া তথা অপৰাধী ।
চিৰাঙৰ বিভিন্ন থানাত এইজন সৌমখৌৰ বসুমতাৰীৰ নামত অপৰাধমূলক গোচৰ পঞ্জীয়ন কৰা আছে । বিভিন্ন গোচৰত কেইবাবাৰো জেলত যাব লগা হৈছিল কিন্তু জেলৰ পৰা ওলাই আহি পুনৰ অপৰাধমূলক কাৰ্য্যৰ সৈতে জড়িত হৈ পৰে বুলি স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত সদৰী কৰে।
আজি ৰুণীখাতা থানাৰ আৰক্ষীৰ চক্ৰ বিষয়া দেৱজিত শৰ্মা, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপ্লৱ কোঁৱৰে উদ্ধাৰ হোৱা চুৰি সামগ্ৰীখিনি অইন এটা ট্ৰাক তুলি থানাত লৈ আহে । উল্লেখ্য যে আজি কেঁচু খান্দোতে সাপ ওলাই অহাৰ দৰে আৰক্ষীৰ অভিযানত সৌমখৌৰ বসুমতাৰীৰ বাসগৃহৰ পৰা দুই ট্ৰেক্টৰ ভৰ্তি চোৰাং কাঠ জব্দ কৰে ।
পিছত ৰুণীখাতা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ পৰা বনবিভাগৰ কৰ্মী গৈ চোৰাং কাঠখিনি জব্দ কৰি লৈ যায় । আজি ৰুণীখাতা থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কুখ্যাত অপৰাধী সৌমখৌৰ বসুমতাৰী লগতে ট্ৰাকখনৰ চালক ক্ৰমে ৰূপচান্দ আলী (৩৮) ইমামুল হক ( ৩২) গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ।