ডিজিটেল সংবাদ,বৰবৰুৱাঃ দুৰ্নীতি মুক্ত আৰু শূন্য সহনশীলতাৰ কথা কৈ থকা চৰকাৰৰ দিনত ডিব্ৰুগড়ৰ খোৱাং সমষ্টিৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অধীনৰ কোটোহা পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনৰ গৃহ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি।
উপভোক্তাৰ একাউণ্টৰ পৰা তিনিটা কিস্তিৰ ধন আদায় পোৱাৰ পিছতো আজি পৰ্যন্ত সম্পূৰ্ণ নহ’ল গৃহ। আৱাস যোজনাৰ গৃহত এতিয়া কাৰোবাৰ ঘৰত যদি লাওৰ চাং সাজিছে কাৰোবাৰ ঘৰত সাজিছে জিকাৰ বাবে চাং।
প্ৰাপ্ত তথ্য অনুসৰি কোটোহা পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য ৰবাৰ্ট কয়াৰে উপভোক্তাৰ বেংক একাউণ্ট জমা লৈ গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু আজি পৰ্যন্ত এই গৃহ নিৰ্মাণ সম্পূৰ্ণ নহ’ল। উক্ত উপভোক্তাৰ একাউণ্টৰ টকা বেংকৰ পৰা উলিয়াই উপভোক্তাক সামান্য টকা প্ৰদান কৰি ৱাৰ্ড সদস্য ৰবাৰ্ট কয়াৰে পঞ্চায়তৰ জি পি চি'ৰ সৈতে ভাগ বতৰা কৰি লয়।
দুৰ্নীতি মুক্ত আৰু শূন্য সহনশীলতাৰ কথা কৈ থকা চৰকাৰে এইসকল বিষয়াৰ উপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবনে সেয়াহে লক্ষণীয় হ’ব।