ঘিলামৰা উন্নয়ন খণ্ডত ফটো কেলেংকাৰীৰে আৱাস গৃহ প্ৰদানৰ নামত দুৰ্নীতি

চৰকাৰৰ প্ৰতিটো বিভাগৰ পৰা দুৰ্নীতি অনিয়ম উৎখাট কৰাৰ সকিয়নী প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । কিন্তু ঢকুৱাখনা সমজিলা ইয়াৰ ব্যতিক্ৰম হোৱা পৰিলক্ষিত হৈছে...

author-image
Asomiya Pratidin
New Update
409

ডিজিটেল সংবাদ, ঢকুৱাখনা : চৰকাৰৰ প্ৰতিটো বিভাগৰ পৰা দুৰ্নীতি অনিয়ম উৎখাট কৰাৰ সকিয়নী প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । কিন্তু ঢকুৱাখনা সমজিলা ইয়াৰ ব্যতিক্ৰম হোৱা পৰিলক্ষিত হৈছে। 

সমজিলাখনৰ সৰ্বত্ৰতে সংঘটিত হৈছে ব্যাপক দুৰ্নীতি আৰু ভ্ৰূষ্টাচাৰ । ঘিলামৰা উন্নয়ন খণ্ড ইয়াৰ সমুজ্জল দৃষ্টান্ত। খণ্ডটোৰ বিলমুখ পঞ্চায়তত প্ৰাথমিক তদন্ত কালত উন্মোচিত হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ভয়ংকৰ অনিয়ম। 

খণ্ডটোৰ খণ্ড উন্নয়ন বিষয়া জিম্পি শইকীয়া, ভাৰপ্ৰাপ্ত সচিব ধৰ্মেন্দ্ৰ পেগুৰ নেতৃত্বত সংঘটিত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ বিত্তীয় অনিয়মৰ পৰৱৰ্তী সময়ত এইবাৰ উন্মোচিত হৈছে আৱাস গৃহৰ ফটো কেলেংকাৰী । পঞ্চায়তখনৰ হিতাধিকাৰী ক্ৰমে আই ডি নম্বৰ AS145590099ৰ বিপৰীতে  ৰাজীৱ পাতিৰ, আই ডি নম্বৰ AS145961503ৰ বিপৰীতে বাবুল পাতিৰ, আই ডি নম্বৰ AS145961706ৰ বিপৰীতে মনোজ পাতিৰ ,আই ডি নম্বৰ AS145961904ৰ বিপৰীতে জ্যোতি ৰাণী পাতিৰ, আই ডি নম্বৰAS150063783ৰ বিপৰীতে জিতুমণি দলে, আই ডি নম্বৰAS150542985ৰ বিপৰীতে প্ৰিয়কান্ত দলে আদিৰ পি এম ৱাই (জি) গৃহ আবন্টন হ’ল। 

এই চৰকাৰী আঁচনিৰ গৃহ নিৰ্মাণৰ অগ্ৰগতিৰ বিপৰীতে কিস্তি অনুসৰি পুঁজি আবন্টন কৰা হয় । শেহতীয়া তথ্যত উপলব্ধ হৈছে যে এইসমূহ চৰকাৰী আঁচনিৰ ঘৰৰ অগ্ৰগতিৰ খতিয়ান দাখিলৰ ক্ষেত্ৰত ভয়ংকৰ অনিয়মৰ আশ্ৰয় লৈছে ভাৰপ্ৰাপ্ত সচিব ধৰ্মেন্দ্ৰ পেগু আৰু জি পি চি অৰূপ খনিকৰে ।  

ন্যস্ত কৰ্তব্য আৰু দায়িত্বত জীয়া ফাঁকি দি এনেবোৰ পক্ষই একেটা ঘৰৰ ফটোকে বাৰম্বাৰ অপব্যৱহাৰ কৰি বিভিন্ন ঘৰৰ অগ্ৰগতিত ব্যৱহাৰ কৰিছে । যাৰ জৰিয়তে সমগ্ৰ আঁচনিখন ৰূপায়নৰ তথ্যত জালিয়াতিৰ আশ্ৰয় লোৱাৰ ৰাজহুৱা অভিযোগ এইসকল অকৰ্মন্য পক্ষৰ বিৰুদ্ধে । 

একাংশ ৰাইজৰ মতে এয়া কেৱল সামান্য নমুনাহে । সমগ্ৰ পঞ্চায়তখনৰ পি এম ৱাই আঁচনিৰ সঠিক আৰু নিৰপেক্ষ তদন্ত হ’লে অগণন এনে দুষ্কাৰ্য পোহৰলৈ অহাটো নিশ্চিত ।  

তাৎপৰ্যপূৰ্ণ দিশ হ’ল- এনেদৰে ইটোৰ পিছত সিটো ভয়ংকৰ অনিয়ম , দুৰ্নীতিত জড়িত বিতৰ্কিত ভাৰপ্ৰাপ্ত সচিব ধৰ্মেন্দ্ৰ পেগুৰ ওপৰত বিধিগত ব্যৱস্থা ল’বলৈ সাহস গোটাব পৰা নাই লখিমপুৰ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া মনোৰঞ্জন পায়েং, জিলা আয়ুক্ত প্ৰণৱজিত কাকতিয়ে । ঢকুৱাখনাৰ সমজিলা আয়ুক্ত কাৰ্ত্তিক কলিতাৰ সম জিলাখনৰ চৰকাৰী বিভাগত অব্যাহত থকা সীমাহীন দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে ভিজা মেকুৰীৰ ভাও লোৱাৰ এটা দুৰ্নাম সৰ্বজন বিদিত । 

তেওঁৰ ওপৰত ন্যায়কামীৰ আস্থা বিশ্বাস নাই। কিন্তু জিলা আয়ুক্ত আৰু কাৰ্যবাহী বিষয়ায়ো গ্ৰহণ কৰা দুৰ্বল ভূমিকাত স্তম্ভিত ন্যায়কামী ৰাইজ । ঘিলামৰাৰ ৰাইজ, সংগঠনৰ দাবী যে, নিৰপেক্ষ তদন্ত হওঁক ঘিলামৰা উন্নয়ন খণ্ডৰ বিলমুখ পঞ্চায়তৰ পি এম ৱাই কেলেংকাৰীৰ। তেতিয়াহে বি ডি অ জিম্পি শইকীয়া ,ভাৰপ্ৰাপ্ত সচিব , অভিযন্তা , গাননিকৰ কৰ্তব্যত অৱহেলা , চৰকাৰী পুঁজি অপচয় , তথ্যৰ জালিয়াতিৰ বাস্তৱ সত্য পোহৰলৈ আহিব । 

কিন্তু তাকে নকৰি মুখ্যমন্ত্ৰী ঘোষিত দুৰ্নীতি বিৰোধী সবল স্থিতি লবলৈ সাহস গোটাব পৰা নাই দুই জিলা মুৰব্বীয়ে । বিপৰীতে এজন বিষয়া, তিনিজন কৰ্মচাৰীক পঞ্চায়তৰ পৰা বদলি কৰি , কাৰণ দৰ্শোৱা জাননী জাৰি কৰি দায়িত্ব সামৰিছে । উল্লেখযোগ্য যে অদক্ষ বি ডি অ'গৰাকীৰ পৃষ্ঠপোষকতা সংঘটিত অন্য এক দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে।

ঘিলামৰা