তিতাবৰত ড° বি আৰ আম্বেদকাৰ ভৱন নিৰ্মাণত দুৰ্নীতি....

ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাৰ গাফিলতিত পাঁচ বছৰতো সম্পূৰ্ণ নহ'ল তিতাবৰৰ ড° বি আৰ আম্বেদকাৰ ভৱন। ক্ৰমাৎ অসাধু চক্ৰৰ সুৰাৰ আড্ডালৈ পৰিণত হৈছে নিৰ্মীয়মাণ ভৱনটোৰ চৌহদ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,তিতাবৰঃ ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাৰ গাফিলতিত পাঁচ বছৰতো সম্পূৰ্ণ নহ'ল তিতাবৰৰ ড° বি আৰ আম্বেদকাৰ ভৱন। ক্ৰমাৎ অসাধু চক্ৰৰ সুৰাৰ আড্ডালৈ পৰিণত হৈছে নিৰ্মীয়মাণ ভৱনটোৰ চৌহদ।

অসম চৰকাৰৰ অনুসূচীত জাতি উন্নয়ন পৰিষদে ভৱনটো নিৰ্মাণৰ বাবে দায়িত্ব দিছিল এম পি এণ্টাৰপ্ৰাইজ নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানক। কিন্তু ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীয়ে ভৱন নিৰ্মাণৰ নামত নামত নাকত ধৰি চাকত ঘূৰালে অনুসূচীত জাতিৰ লোকসকলক।

আৱণ্টিত পুঁজিৰ ১ কোটি ৬৬ লাখ ৬৬ হাজাৰ টকাৰ সৰ্বমুঠ ৯৫ লাখ ১০ হাজাৰ ৮২ টকা ঠিকাদাৰে কামৰ অগ্ৰগতি নোহোৱাকৈ মুকলি কৰি নিয়াৰ পাছতো ৫ বছৰে ভৱনটো সম্পূৰ্ণ নোহোৱাত ক্ষোভ উজাৰিছে অনুসূচীত জাতিৰ নেতৃত্বধাৰী নেতাসকলে। তেওঁলোকৰ দাবী ঠিকাদাৰৰ লগত উন্নয়ন বৰ্ডৰ বিষয়া-অভিযন্তাৰ অসাধু বুজাবুজিৰ বাবেই প্ৰকল্পটো ভূত বাংলাত পৰিণত হৈছে।

অহা এমাহৰ ভিতৰত ভৱনটোৰ কাম শেষ কৰিব নোৱাৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো ভাবুকি প্ৰদান কৰিছে স্থানীয় লোকে ।

দুৰ্নীতি তিতাবৰ