মায়ঙৰ লেহপতি আৰু মায়ং গাঁও পঞ্চায়তত পাহাৰসম দুৰ্নীতিঃ জিলা আয়ুক্তক লিখিত অভিযোগ

মায়ং উন্নয়ন খণ্ডৰ মায়ং আৰু  লেহপতি গাঁও পঞ্চায়তত এম জি এন ৰেগা আঁচনি আৰু চতুৰ্দশ বিত্তীয় আয়োগৰ কামত পাহাৰ সম দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

author-image
Tushar Pratim
New Update
মায়ঙৰ লেহপতি আৰু মায়ং গাঁও পঞ্চায়তত পাহাৰসম দুৰ্নীতিঃ জিলা আয়ুক্তক লিখিত অভিযোগ

ডিজিটেল সংবাদ মায়ং:  মৰিগাঁও জিলাৰ মায়ং উন্নয়ন খণ্ডৰ অধীনস্থ মায়ং আৰু  লেহপতি গাঁও পঞ্চায়তত এম জি এন ৰেগা আঁচনি আৰু চতুৰ্দশ বিত্তীয় আয়োগৰ কামত পাহাৰ সম দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বানে গৰকা খহনীয়াত আক্ৰান্ত লেহপতি গাঁও পঞ্চায়তত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত বিচাৰি স্থানীয় একাংশ লোকে মৰিগাঁও জিলাৰ আয়ুক্তৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে।

Advertisment

প্ৰাপ্ত অভিযোগ অনুসৰি এম জি এন ৰেগা আঁচনিৰ কামত ঠিকাদাৰী প্ৰথা নাই যদিও লেহপতিত দুই এজন ব্যক্তিয়ে ঠিকাদাৰৰ ৰূপ লৈ পঞ্চায়তৰ কৰ্মচাৰীৰ সহযোগত জনপ্ৰতিনিধিৰ সতে মিতিৰালি কৰি প্ৰতিটো উন্নয়নমূলক আঁচনিৰ কামতে ব্যাপক লুণ্ঠন চলাইছে। অভিযোগ মতে গাগলমাৰী গাঁৱৰ এটা অংগনবাদী কেন্দ্ৰৰ সন্মুখ ভাগত মাটি পেলোৱাৰ নামত ৯,৮৩,৬২২ টকা আবন্টন হৈছিল যদিও মাত্ৰ এক ডেৰ লাখ টকাৰ কাম কৰিয়েই দায়িত্ব সামৰিলে।

ইয়াৰে ৮০ শতাংশ ধন ইতিমধ্য মোকলাই নিলে ঠিকাদাৰে। জব কাৰ্ডৰ শ্ৰমিক ব্যৱহাৰ নকৰি ট্ৰেক্টৰৰ জৰিয়তেই এই কাম কৰা বুলি জানিব পৰা গৈছে। একেদৰে গাগলমাৰীৰ আন এটা অংগনবাদী কেন্দ্ৰৰ মাটি পেলোৱা আৰু গছ পুলি ৰোপন আঁচনিৰ নামত ১৩,৩৮,১৮৩ টকা আবন্টন হৈছিল। 

উক্ত আঁচনিৰ কামতো ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লৈ একে কেইজন ব্যক্তিয়ে ৯০ শতাংশ ধন আত্মসাত কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। গাগলমাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা নতুন বজাৰ অংগনবাদী কেন্দ্ৰলৈ কৃষি বান্ধ নিৰ্মাণৰ নামত আবণ্টিত ৯,৬৪,৯৬৯ টকাৰ সিংহভাগ ধন গোগ্ৰাসে আত্মসাত কৰিছে।

পুনৰ সেই একেখিনি ঠাইতে একেটা বছৰতে নতুন নাম এটা দি মাটি পেলোৱা আঁচনি ধৰি ৯,৮০,৭৪৭ টকা আবন্টন দিয়ে। কি স্বাৰ্থত একেখিনি ঠাইতে বাৰে বাৰে আঁচনি ধৰি লুণ্ঠন চলাই যাবলৈ সক্ষম হ'ল সেয়া সাথৰ হৈ থাকিল। 

গাগলমাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা গাগলমাৰী জামে মছজিদলৈ আকৌ কৃষি বান্ধ নিৰ্মাণৰ বাবদ ৮,৬৫,৮১৩ টকা আবন্টন হয়।এবাৰ কাম কৰিয়েই দুই, তিনিবাৰ আঁচনি ধৰি গাগলমাৰী প্ৰাথমিক বিদ্যালয় এলেকাটো সোণৰ কণী পৰা হাঁহৰ দৰে হৈ পৰিছে।

ছাগলীকটা বিল পাৰৰ পৰা আগফাল বস্তি লৈ কৃষি বান্ধ নিৰ্মাণৰ নামত আবন্টন হোৱা ৪,৯৯,৯০৩ টকাৰ কামেই নকৰিলে বুলি জানিব পৰা গৈছে। চৰকাৰী গাইড লাইন উলংঘা কৰি এম জি এন ৰেগা আঁচনিৰ প্ৰাক কলন ধোৱা চাঙত তুলি গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধিৰ লগ লাগি দুই চাৰি ব্যক্তিয়ে এই সকলোবোৰ দুৰ্নীতি সংঘটিত কৰিছে যদিও বিষয়া, অভিযন্তা সকলো নিৰৱ দৰ্শক হৈ বহি থাকিল। 

কোনো ধৰনৰ চৰজমিন তদন্ত নকৰাকৈ অফিচত বহিয়েই বিল ভাউচাৰত চহী কৰি লুণ্ঠনৰ বজাৰখন চলাই থাকিল। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি ককবকাই থকা লেহপতি পঞ্চায়তৰ সহজ সৰল মানুহখিনিক এইদৰেই এচাম লোকে ঠগ প্ৰৱঞ্চনা কৰি উন্নয়নমূলক আঁচনিৰ ধন লুটি পুতি খাই আহিছে।

ইপিনে মায়ং গাঁও পঞ্চায়ততো যথেষ্ট দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য আহি পৰিছে। পঞ্চায়তৰ সচিব আৰু জনপ্ৰতিনিধিৰ যুটীয়া প্ৰচেষ্টাত মায়ং গাঁও পঞ্চায়তত দুৰ্নীতি সংঘটিত হৈছে বুলি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈক মৌখিক ভাবে একাংশ সচেতন যুৱকে ইতিমধ্য অৱগত কৰিছে।

চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনিসমূহ, ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ আৰু সৌৰ চাকি যোগান ধৰাৰ নামত মায়ং গাঁও পঞ্চায়তত যি ধৰনৰ দুৰ্নীতি সংঘটিত হৈছে তদন্ত  কৰি তদন্তকাৰী বিষয়াৰো চকু কপালত উঠিব। এতিয়া প্ৰশ্ন হ’ল মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে মায়ং আৰু লেহপতি গাঁও পঞ্চায়তত সংঘটিত দুৰ্নীতি অনিয়মৰ তদন্ত প্ৰক্ৰিয়া কিদৰে আগবঢ়াই নিয়ে সেয়া লক্ষনীয় হ’ব।

মায়ং পঞ্চায়ত