/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/9f59d975-dfdd-4ca8-8042-f3de62f95a4f/koliabor_05.jpg)
koliabor
ডিজিটেল সংবাদ কলিয়াবৰঃ নগাঁও জিলাৰ কলিয়াবৰ বিধানসভা সমষ্টিত নিৰ্মাণ কাৰ্য চলি থকা কেইবাটাও ২৫ লাখ টকীয়া মডেল অংগনবাড়ী কেন্দ্ৰ নিৰ্মানত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । জিলাখনৰ আন আন সমষ্টিত ইতিমধ্যে মডেল অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিছে যদিও মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টিত মডেল অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণকাৰ্য একেবাৰে পুতৌলগা অৱস্থাতে আছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/cc037b9d-103f-4527-b34e-6ea982100940/5f6db7f5_f0f2_4ae1_a80d_2fa91d042f23.jpg)
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনক দুৰ্নীতি মুক্ত কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও একাংশ স্বয়ং বিজেপি আৰু অগপৰ নেতা-পালিনেতাই মুখ্যমন্ত্ৰী গৰাকীৰ কঠোৰ পদক্ষেপক ভেঙুচালী কৰাৰহে অভিযোগ উত্থাপিত হৈছে কলিয়াবৰত। ২৫ লাখটকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগা মডেল অংগনবাড়ী কেন্দ্ৰৰ প্ৰথম কিস্তিৰ ধন ১১ লাখ ৮৮ হাজাৰ টকা ইতিমধ্যে নিৰ্মাণ কমিটি সমূহে লাভ কৰিছে যদিও কেন্দ্ৰ সমূহৰ জঁকাটোহে দেখা পোৱা গৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/b52974f1-82e0-4047-9d1b-af7a4c3a156f/f87832c5_e2a3_41ac_9dc9_f81b25bc911d.jpg)
অসম চৰকাৰৰ চৰকাৰী তথ্যমতে নং SWD25/2009/PT/146 DT. DISPUR 2ND SEP'2021 মৰ্মে নগাঁও জিলা উপায়ুক্তই পত্ৰ নং NDC/83/2021/PT-II/2 দিনাংক ১০/০১/২০২২ মৰ্মে পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হামিদুৰ ৰহমানক সদস্য সচিব পৰাগ বৰদলৈক সভাপতি আৰু ৰূবী কলিতা, প্ৰনিতা লিগিৰা, অগপ নেতা পুস্কৰ জ্যোতি মহন্ত, বিজেপি কলিয়াবৰ জিলা অবিচি মৰ্চাৰ সভাপতি মৃনাল বৰাক সদস্য, সমুদ্ৰ বৰদলৈক কাৰিকৰী সদস্য হিচাপে বাচনি কৰি সমষ্টি ভিত্তিত এখন নিৰ্মাণ কমিটী গঠন কৰি দিছিল। এই কিমিটীৰ সুবাদতে অগপ নেতা পুস্কৰ জ্যোতি মহন্ত আৰু বিজেপি নেতা মৃনাল বৰাই নিজে ঠিকাদাৰী ৰূপত অৱতীৰ্ণ হোৱাত এতিয়া মুখ্যমন্ত্ৰীৰ দুৰ্নীতি বিৰোধী অভিযান ধোৱাচাঙত উঠিল বুলিহে মন্তব্য কৰিছে সচেতন মহলে।
বিজেপি নেতা মৃনাল বৰাই নিৰ্মাণ কৰা ফুলগুৰি চাংৰ মডেল অংগনবাড়ী কেন্দ্ৰটো এগৰাকী মধ্যভোগীক নিৰ্মাণ কৰিবলৈ দিয়াৰ নামত দুই লাখ টকা উৎকোচ লোৱা বুলি অভিযোগ কৰিছে জনৈক ভূঞা উপাধিৰ এগৰাকী বিজেপি দলৰে কৰ্মীয়ে । ইয়াৰোপৰি মোকলাই দিয়া প্ৰথম কৃষ্টিৰ ধনৰ সিংহভাগ ধন মৃনাল বৰাই পকেটত ভৰোৱাত বিপদত পৰিছে মৃনাল বৰাক ২ লাখ টকা উৎকোচ দি নিৰ্মাণ কৰি থকা মধ্যভোগীৰ দলটো ।
আনহাতে প্ৰাক-কলন অনুযায়ী নিৰ্মাণ কৰাৰ বিপৰীতে এই মডেল অংগনবাড়ী কেন্দ্ৰ সমূহত নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ উপৰিও কম পৰিমাণৰ ৰ'ড ব্যৱহাৰ কৰি খুঁটাসমূহ নিৰ্মাণ কৰা হৈছে । প্ৰাককলন অনুসৰি যিটো খুঁটাত চাৰিদাল ৰদ ব্যৱহাৰ কৰিব লাগে সেই খুঁটাত তিনিদাল ৰদ, ছয়দাল ব্যৱহাৰ কৰিব লগা খুঁটাত চাৰিদাল ৰদ ব্যৱহাৰ কৰ হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/71da62f7-3e85-4954-bce3-f48515ef1626/e44c00a2_1281_4977_85f6_4c507c1e5444.jpg)
ৰদৰ প্ৰয়োজনীয় আঁকাৰৰ সলনি সৰু আকাৰৰ ৰদ ব্যৱহাৰ কৰি নিৰ্মাণ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ইফালে লোকনিৰ্মাণ বিভাগৰ পৰা তিনিমাহ পূৰ্বেই অবসৰ লোৱা এগৰাকী কনিষ্ঠ অভিযন্তাক কাৰিকৰী সদস্য হিচাপে দায়িত্ব থকাত অভিযন্তা গৰাকীয়ে বিশেষ গুৰুত্ব প্ৰদান নকৰাৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/548e2f97-9358-4cda-b711-f652727d6d85/4f1eb025_5d45_440c_a018_d82b7eaa9d4f.jpg)
আমাৰ হাতত পৰা তথ্য মতে কঠালগুৰীত নিতাই নায়ক, সোনাৰীবাগানত ৰঞ্জন হাজৰিকা, মিছামুখত ভূপেন বৰদলৈ, ফুলগুৰি চাঙত মৃনাল বৰা, মাধতাৰীত পপী মহন্ত, ধনেখোৱাত পুস্কৰ জ্যোতি মহন্ত, ১২নং কলঘৰ লাইনত কেশৱ বৰুৱা যদিও নিৰ্মাণ কমিটীৰ সভাপতি হৈ আছে, এইসকল শাষকীয় বিজেপি-অগপ নেতাই নিৰ্মাণ কমিটিৰ সভাপতিৰ দায়িত্বত থাকি নিজে একো একো জন ঠিকাদাৰ হৈ কাম কৰি আছে ।
ধন মোকলাই দিয়াৰ দ্বায়িত্বত থকা সদস্য সচিব গৰাকীয়েও নিম্নমানৰ কাম কৰাৰ অভিযোগ লাভ কৰাৰ পাছতো ব্যৱস্থা গ্ৰহণ নকৰি প্ৰথম কৃষ্টিৰ ধন মোকলাই দিয়াত ৰহস্যৰ সৃষ্টি হৈছে ৰাইজৰ মাজত । ৰাইজৰ প্ৰশ্ন, কন কন শিশুসকলৰ বাবে মডেল অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণেৰে শিশুসকলৰ উজ্জ্বল ভৱিষ্যতৰ সপোন দেখা মুখ্যমন্ত্ৰী গৰাকীৰ আশা পূৰণ হ'বনে ? মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি বিৰোধী অভিযানে ঢুকি নোপোৱা এইসকল দলীয় নেতা-পালিনেতাৰ বিৰুদ্ধে নিশ্চুপ হৈ আছে স্বয়ং জিলা উপায়ুক্ত গৰাকীও ।