/asomiyapratidin/media/media_files/2025/06/08/eQVR5ktbET6TZMGAiNl4.jpg)
ডিজিটেল ডেস্কঃ দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্তৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি শনিবাৰলৈকে ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ৫৭৫৫ লৈ বৃদ্ধি পাইছে। এই ক্ষেত্ৰত আগবাঢ়ি আছে কেৰালা। একে সময়তে যোৱা ২৪ ঘন্টাত দেশত ৩৯১ জন সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।
জানুৱাৰী মাহৰ পৰা ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৯ লৈ বৃদ্ধি পাইছে। মৃতকৰ ভিতৰত ১৮ জন ৰোগী মহাৰাষ্ট্ৰৰ। কেৰালাতো ক’ভিডত আক্ৰান্ত হৈ ১২ জন ৰোগীৰ মৃত্যু হৈছে। দিল্লীত মৃত্যু হৈছে ৭জন লোকৰ।
গুজৰাটত ২ জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। ইফালে কৰ্ণাটকত এই পৰ্যন্ত মৃতকৰ সংখ্যা ৯ জন। পঞ্জাৱত ২ জন আৰু ৰাজস্থানত এজন, উত্তৰ প্ৰদেশত ২ জন আৰু বংগত ১ জনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
শেহতীয়া তথ্য অনুসৰি কেৰালাত মুঠ ১৯৫০ জন সক্ৰিয় ৰোগী আছে। দিল্লীত ৮৯২ জন সক্ৰিয় ৰোগীৰ বিপৰীতে মহাৰাষ্ট্ৰত ৬৮১ জন সক্ৰিয় ৰোগী। বিহাৰত কৰ’না আক্ৰান্তৰ সংখ্যা ৪৯লৈ বৃদ্ধি।
গুজৰাটত সক্ৰিয় ৰোগীৰ সংখ্যা ৮২২ জন, হাৰিয়ানাত ১০২ জন, অন্ধ্ৰ প্ৰদেশত ৮৬ জন, মধ্য প্ৰদেশত ৩৯ জন, ৰাজস্থানত ১৩২ জন, তামিলনাডুত ১৯৪ জন, উত্তৰ প্ৰদেশত ২১৯ জন, বংগত ৬৯৩ জন ক’ৰ’না আক্ৰান্ত। উত্তৰাখণ্ডত ৯ জন ক'ৰোনা ৰোগী। পুডুচেৰীত ক'ভিডত আক্ৰান্ত হৈছে ১৫ জন।