BIG BREAKING: অসমত আকৌ আৰম্ভ কোৰোনাৰ সংক্ৰমণ...

২০২২ ৰ পাছত শিলচৰ মেডিকেল কলেজত পুনৰ চিনাক্ত হল কৰ’না পজিটিভ ৰোগী। শিলচৰ মেডিকেল কলেজৰ মাইক্ৰোবায়োলজি বিভাগৰ এগৰাকী ছাত্ৰৰ দেহত ধৰা পৰিল কোৰোনাৰ অৱস্থিতি।

New Update
dooo

ডিজিটেল সংবাদ, শিলচৰঃ   ২০২২ ৰ পাছত শিলচৰ মেডিকেল কলেজত পুনৰ চিনাক্ত হল কৰ’না পজিটিভ ৰোগী। শিলচৰ মেডিকেল কলেজৰ মাইক্ৰোবায়োলজি বিভাগৰ এগৰাকী ছাত্ৰৰ দেহত ধৰা পৰিল কোৰোনাৰ অৱস্থিতি।

Advertisment

দুদিন ধৰি ছাত্ৰ গৰাকীৰ জ্বৰ কাহ আৰু চৰ্দি আছিলে। বুধবাৰে মেডিকেল কলেজত ছাত্ৰ গৰাকীৰ কভিড টেষ্ট কৰালে ৰিপৰ্ট পজিটিভ আহে। ছাত্ৰ গৰাকীৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতিত পোৱাৰ পাচত তেওঁ তাতক্ষণিকভাৱে মেডিকেলৰ আইচোলেশন ইউনিটত ভৰ্তি কৰাই চিকিৎসা আৰম্ভ কৰা হয়।

লগতে প্ৰায় তিনি বছৰ পাছত শিলচৰ মেডিকেল কলেজত কোৰোনা আক্ৰান্ত ৰোগী  চিনাক্ত হোৱাত শিলচৰ মেডিকেল কলেজত সৰ্তকতা জাৰি কৰা হৈছে। কৰ’না লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই। কেৱল কভিড বিধি মানি চলাৰ নিৰ্দেশ প্ৰদান কৰে শিলচৰ মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ভাস্কৰ গুপ্তই।

শিলচৰ মেডিকেল কলেজ হাস্পতাল শিলচৰ মেডিকেল কলেজ শিলচৰ