/asomiyapratidin/media/media_files/2024/12/06/rOLZVMQVtzJislBJNhkZ.jpg)
ডিজিটেল সংবাদ, কামপুৰ: অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বহী নিৰীক্ষণত খেলিমেলি কৰাৰ এক ঘটনা পোহৰলৈ আহিছে। প্ৰাপ্ত বাতৰি মতে, কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰা এই বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ভাৰ্গৱ বৰা নামৰ ছাত্ৰজনে আটাইকেইটা বিষয়তে ৯০ শতাংশ নম্বৰ লাভ কৰিছিল যদিও ৰাজনীতি বিজ্ঞান বিষয়টোত মাত্ৰ ১৬ নম্বৰহে লাভ কৰিছিল ।
মেধাৱী ভাৰ্গৱ বৰাই ৰাজনীতি বিজ্ঞান বিষয়টোত অনাৰ্চ লৈ স্নাতক শাখা অধ্যয়ন কৰাৰ তীব্ৰ হেপাঁহ আছিল যদিও ৰাজনীতি বিজ্ঞানৰ নম্বৰ ১৬ অহাত তেওঁৰ মন ভাগি গৈছিল। যাৰ বাবে ছাত্ৰজনে ৰাজনীতি বিজ্ঞানৰ পৰিৱৰ্তে অন্য বিষয়ত অনাৰ্চ লৈ নগাঁও মহাবিদ্যালয়ত নাম ভৰ্তিকৰণ কৰে । ছাত্ৰজনে ৰাজনীতি বিজ্ঞানত ১৬ নম্বৰ লাভ কৰাত তেওঁৰ লগতে শিক্ষাগুৰু সকল হতচকিত হৈ পৰে আৰু তেওঁলোকে বহী পুনৰীক্ষণৰ বাবে সংসদৰ সৈতে যোগাযোগ কৰি আবেদন কৰে ।
উক্ত আবেদনৰ পাছত ছাত্ৰজনে ডিচেম্বৰ মাহত লাভ কৰা নতুন মাৰ্ক-শ্বীটত ৰাজনীতি বিজ্ঞান বিষয়টোত ১৬ নম্বৰৰ পৰিৱৰ্তে ৯৬ নম্বৰ লাভ কৰে। চূড়ান্ত পৰীক্ষাত ১৬ নম্বৰ লাভ কৰা বিষয়টোৰ বহী পুনৰীক্ষণৰ পাছত ৯৬ নম্বৰ অহাত ছাত্রজনৰ লগতে অভিভাৱক, গুৰুকুল চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ।
ছাত্ৰজনে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজনীতি বিজ্ঞান বিষয়ত অনাৰ্চ লৈ তেওঁ স্নাতক ডিগ্ৰী লোৱাৰ প্ৰবল হেপাঁহ থকা স্বত্বেও সংসদৰ ভুলৰ বাবে উক্ত বিষয়টোৰ পৰা তেওঁ আঁতৰিব লগা হয় । সংসদৰ ভুলৰ বাবে যাতে আন কোনো ছাত্র ছাত্ৰী পচন্দৰ বিষয়টো অধ্যয়ন কৰাৰ ক্ষেত্ৰত বঞ্চিত হবলগীয়া নহয় সেই ক্ষেত্ৰত সংসদক সজাগ হবলৈ ছাত্ৰজনে অনুৰোধ জনাইছে। সংসদৰ এই ভুলৰ বাবে কামপুৰৰ বৌদ্ধিক মহলে তীব্ৰ সমালোচনা কৰিছে ।