/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/6e67b720-2c0e-4414-a4b4-7eb32d454cdd/sankardev.jpg)
Award
ডিজিটেল সংবাদ,নগাঁওঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক, সমাজ সেৱক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ মুখ্য সমন্বয়ক তথা সঞ্চালক (বিত্ত আৰু পৰিকল্পনা) বাবুল বৰালৈ আগবঢ়োৱা হৈছে ৰূপান্তৰ সমন্বয় সংহতি বঁটা-২০২২ ।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক হিচাপে বিগত বহু বছৰ বিভিন্ন জাতি জনগোষ্ঠীক একতাৰ বান্ধোনেৰে বান্ধিবলৈ সক্ষম হোৱা বাবুল বৰাৰ কৰ্ম আৰু সমাজৰ বাবে আগবঢ়োৱা বৰঙণিৰ চিন স্বৰূপে নগাঁৱৰ সমাজ সাহিত্য সাংস্কৃতিক মঞ্চ ৰূপান্তৰে এই বঁটা প্ৰদান কৰে ।
বৃহস্পতিবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠানত বঁটা গ্ৰহণ কৰি বাবুল বৰাই কয় সৰু পঁজাতো থাকি মানুহে সপোন দেখিব পাৰে । সপোনৰ বাবে কোনো নিদিষ্ট সময়ৰ প্ৰয়োজন নাই । আমাৰ কৰ্মৰ মূলমন্ত্র হৈছে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে চাৰিও দিশে গুঞ্জৰিত কৰা ৷
উল্লেখ্য যে, এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰামধেনু যুগৰ বিশিষ্ট গল্পকাৰ ভদ্রেশ্বৰ ৰাজখোৱা, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক মৃদুল হাজৰিকা, পঞ্জীয়ক ড° মৃনাল কুমাৰ বৰা আৰু নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা ।
নগাঁৱৰ বহুকেইজন বিশিষ্ট ব্যক্তিৰ লগতে ৰূপান্তৰ পৰিয়ালবৰ্গ, বিশ্ববিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা, বিষয়া-কৰ্মচাৰী তথা ছাত্র ছাত্রীয়ে এই অনুষ্ঠানত উপস্থিত থাকে ৷
এই বঁটাত আছে এখন ফুলাম গামোচা, অংগ বস্ত্ৰ, প্ৰশস্তি পত্র আৰু এটি স্মাৰক। উল্লেখ যে এই বঁটা প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশাল ব্যক্তিত্ব বাবুল বৰা শীৰ্ষক জীৱন-পঞ্জী এখনিও ৰূপান্তৰ সম্পাদনাত প্ৰকাশ পোৱা গ্ৰন্থ খনিও উন্মোচন কৰা হয় ।