/asomiyapratidin/media/media_files/2025/04/27/Zek7tB9ZgcOiogx4Kzlr.jpg)
ডিজিটেল সংবাদ, গোলাঘাট : জম্মু কাশ্মীৰৰ পেহেলগামৰ ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰি বিপদত পৰিছে গোলাঘাটৰ এগৰাকী মহিলা। ইতিমধ্যে মহিলাগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মহিলাগৰাকীৰ নাম গোলাঘাটৰ ডিম্পল বৰা ওৰফে দধিছী ডিম্পল।
উল্লেখ্য যে, শনিবাৰে তেওঁ সামাজিক মাধ্যমত পাকিস্তানৰ সমৰ্থনত এক পোষ্ট দিছিল। এই বিতৰ্কিত পোষ্টৰ অভিযোগতে শনিবাৰে নিশাই ডিম্পল বৰাক গোলাঘাট আৰক্ষীয়ে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰি গোলাঘাট সদৰ থানালৈ লৈ আনে । ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চে তেওঁক জেৰা চলোৱা বুলি জানিব পৰা গৈছে।
প্ৰণিধানযোগ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানৰ সমৰ্থনত অথবা পেহেলগামৰ ঘটনা সন্দৰ্ভত কোনো লোকে যদি সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰে, তেন্তে তেনে লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ বাবে আৰক্ষীক নিৰ্দেশ দিছে। ইতিমধ্যে সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰা কেইবাগৰাকী ব্যক্তিক আৰক্ষীয়ে আটক কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us