/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/3bd68132-2055-4c07-9798-667f2e0e3aa1/9.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী: শনিবাৰে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এইমছ গুৱাহাটী আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱা এক অনুষ্ঠানত উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/e854357e-bf09-425d-872e-8f2537135029/dd2b39ec-edd0-4595-8bf3-d7a9dcad4c6d.jpg)
এই অনুষ্ঠানত উপস্থিত সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰী বৰুৱাই উল্লেখ কৰে যে এয়া অত্যন্ত গৌৰৱৰ কথা যে সমগ্ৰ ভাৰতৰ ভিতৰতেই এইমছ আৰু স্থানীয় চিকিৎসালয়ৰ মাজত এনেধৰণৰ বুজাবুজিৰ চুক্তিৰ এয়া প্ৰথম উদাহৰণ আৰু এই সফলতাত তেওঁ নলবাৰীৰ প্ৰতিজন বাসিন্দালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। ইয়াৰ লগতে তেওঁ উল্লেখ কৰে যে চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ে আৰম্ভণিৰে পৰা নলবাৰী আৰু ইয়াৰ দাতি কাষৰীয়া অঞ্চলৰ বাসিন্দাসকলক উন্নত মানৰ চিকিৎসা প্ৰদান কৰি অহিছে আৰু আজিৰ এই চুক্তিৰ জৰিয়তে আৰু অধিক উন্নত মানৰ চিকিৎসা সেৱাৰ লগতে চুপাৰ স্পেশিয়েলিটি সেৱা আগবঢ়োৱা আৰু অধিক সহজলভ্য হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/49e6ca0b-6526-4c17-a895-9094ce32cee8/e1b88af3-5055-4b2f-aa7a-46fa1a2e2f3a.jpg)
উল্লেখযোগ্য যে, নলবাৰী আৰু তাৰ চুবুৰীয়া অঞ্চল সমূহৰ ৰোগীসকলৰ সুবিধাৰ বাবে স্বাক্ষৰিত হোৱা এই বুজাবুজি চুক্তিয়ে বিভিন্ন দিশত সেৱা আগবঢ়াব যাৰ ভিতৰত ছুপাৰ স্পেচিয়েলিটি সেৱা অন্যতম যাৰ যোগেদি এইমছ গুৱাহাটীয়ে প্ৰয়োজন অনুসৰি নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ক নিউৰ'লজী, নিউৰ'চাৰ্জাৰী, নেফ্ৰোলজী, ইউৰ'লজী আৰু কাৰ্ডিঅ'লজী সেৱা প্ৰদান কৰিব। লগতে, সহযোগিতামূলক প্ৰশিক্ষণ আৰু গৱেষণাৰ জৰিয়তে দুয়োটা প্ৰতিষ্ঠানে সামাজিক লাভালাভৰ বাবে বৈজ্ঞানিক জ্ঞান আগবঢ়াবলৈ সহযোগিতামূলক প্ৰশিক্ষণ আৰু গৱেষণা কাৰ্যসূচীত জড়িত হ'ব। ইয়াৰোপৰি উন্নতমানৰ অস্ত্ৰোপচাৰ সেৱাৰ অধীনত এইমছ গুৱাহাটীয়ে গুৰুতৰ তথা স্থানান্তৰ কৰিব নোৱাৰা ৰোগীৰ বাবে নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত গুৰুত্বপূৰ্ণ স্নায়ুঅস্ত্ৰোপচাৰ (Neurosurgery) আৰু ইউৰো-অস্ত্ৰোপচাৰ (Uro-Surgery) কৰিব আৰু এইমছ গুৱাহাটীৰ শিক্ষকসকলে NMCH-ত প্ৰয়োজনী অনুষৰি ৰোগীসকললৈ চিকিৎসা সেৱা আগবঢ়াব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/20dda9d1-1f7d-436c-97c0-173751a4e0d2/e0f09cdd-2851-4e63-883a-9fc1e54b0765.jpg)
আজিৰ এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰে এইমএছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অশোক পুৰাণিক আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক বাবুল কুমাৰ বেজবৰুৱাই।
Also Read: চিৰাঙৰ বেংতল মহাবিদ্যালয়ত অসম ৰাজ্যিক বাৰ্ষিক অধিৱেশন...