গৌৰীপুৰত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান

শুকুৰবাৰে ধুবুৰীৰ গৌৰীপুৰৰ আৰক্ষী থানাৰ অন্তৰ্গত গেৰামাৰীৰ চানদেৰ গাঁও প্ৰথম খণ্ডত ধুবুৰী আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগ্‌চৰ বিৰুদ্ধে এক অভিযান চলায় । এই অভিযানত বুজন পৰিমাণৰ

author-image
Asomiya Pratidin
New Update
গৌৰীপুৰত নিচাযুক্ত দ্ৰব্য জব্দ

ডিজিটেল সংবাদ, ধুবুৰী : শুকুৰবাৰে ধুবুৰীৰ গৌৰীপুৰৰ আৰক্ষী থানাৰ অন্তৰ্গত গেৰামাৰীৰ চানদেৰ গাঁও প্ৰথম খণ্ডত ধুবুৰী আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগ্‌চৰ বিৰুদ্ধে এক অভিযান চলায় । এই অভিযানত বুজন পৰিমাণৰ ড্ৰাগ্‌চসহ দুটা চাবোনৰ বাকচত ১৫৫ টা ড্ৰাগচৰ খালী কন্টেইনাৰৰ লগতে নগদ ৯৪,৫১০ টকা জব্দ কৰিবলৈ সক্ষম হয়। 

আৰক্ষীয়ে এই সন্দৰ্ভত এজনক আটক কৰে আৰু আন এজন পলায়ন কৰিবলৈ সক্ষম হয় । আটকাধীন ব্যক্তিজনৰ নাম হ’ল গেৰামাৰীৰ চানদেৰ গাঁৱৰ প্ৰথম খণ্ডৰ আবু ৰোসন হুছেইন সৰকাৰ বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Assam police