গেৰুকামুখৰ ঠুনুকা পাহাৰ খহিছে চপৰা চপৰেঃ দৃশ্য দেখি ত্ৰষ্টমান এন এইছ পি চি...

nhpc
nhpc

ডিজিটেল ডেস্কঃ অব্যাহত আছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলিত প্ৰকৃতিৰ তাণ্ডৱ। বিগত প্ৰায় ১ এটা সপ্তাহে অৰুণাচলত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত গেৰুকামুখৰ ঠুনুকা পাহাৰত অব্যাহত আছে ভূমিস্খলনৰ ঘটনা।

বিগত দিন কেইটাত প্ৰায় প্ৰতিটো দিনতেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলিত সংঘটিত হৈছে এটাৰ পাছত আন এটা অঘটন। অত্য়াধিক বৰষুণৰ ফলত ঠুনুকা পাহাৰৰ গাৰ্ড ৱাল খহাৰ লগতে মূল বান্ধৰ কাষতে তাচ পাতৰ দৰে পাহাৰৰ বৃহৎ বৃহৎ অংশ খহি পৰাৰ দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

প্ৰকৃতিৰ এনে তাণ্ডৱলীলাত কম্পমান হৈ এন এইছ পি চিয়ে ইতিমধ্যে প্ৰায় ৮০ শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা বান্ধটোৰ অৱশিষ্ট ২০ শতাংশ নিৰ্মাণকাৰ্য আগঢ়াবলৈ চিন্তা কৰিবলগীয়া হৈছে। বিগত দিন কেইটাত অব্যাহত থকা ভূমিস্খলনৰ বাবেই এতিয়া প্ৰকল্পৰ নিৰ্মাণকাৰ্য বন্ধ কৰিবলৈ বাধ্য হৈছে।

উল্লেখ্য যে অতিপাত বৰষুণৰ বাবে ঠুনুকা পাহাৰৰ মাটি, শিল খহি প্ৰকল্পটোলৈ বিপদ কঢ়িয়াই অনাৰ লগতে ভূমিস্খলনৰ ফলত ইতিমধ্যে দুটাকৈ ডাইভাৰ্চন টানেল বন্ধ হৈ যোৱাৰ লগতে মূল বান্ধৰ ওপৰত সংঘটিত হোৱা ভূমিস্খলনে সোঁৱণশিৰিৰ বুকুত সৃষ্টি কৰিছে প্ৰচণ্ড ঢৌৰ।

বৃহৎ নদীবান্ধ প্ৰকল্পত সঘনে সংঘটিত হোৱা এনে ঘটনাই নদীবান্ধটোৰ ভৱিষ্যতৰ দিশটোক লৈ নিৰ্মাণকাৰী প্ৰতিষ্ঠান এন এইছ পি চিকো এতিয়া চিন্তিত কৰি তুলিছে। বিশেষজ্ঞৰ পৰামৰ্শ আওকান কৰি নিৰ্মাণ কৰা এই বৃহৎ নদীবান্ধৰ কিমান ভয়াবহ হ'ব সেই কথা ইতিমধ্যে এনেবোৰ ঘটনাই প্ৰমাণ কৰিছে।

ইফালে সঘনে সংঘটিত হোৱা এই ঘটনা প্ৰবাহে উত্তৰ অসমৰ নৈপৰীয়া ৰাইজৰ জীৱন, জীৱিকাৰ সুৰক্ষিত ভৱিষ্যতৰ দিশটোক লৈ পুনৰ চিন্তিত কৰি তুলিছে। এতিয়া স্বাভাৱিকতে পুনৰ উত্থাপন হৈছে সেই একেটাই প্ৰশ্ন- প্ৰকল্পটোৰ নিৰ্মাণ কালত কিয় আওকাণ কৰা হ'ল বিশেষজ্ঞসকলৰ সকিয়নী ?

ইফালে চৰকাৰে ২০২৩ চনৰ পৰা প্ৰকল্পটোৰ পৰা ৫০০ মেগাৱাট শক্তি উৎপাদন কৰিব বুলি ঘোষণা কৰিছিল। চৰকাৰৰ এনে ঘোষণাৰ পৰিৱৰ্তে প্ৰকল্পটোত অব্যাহত থকা প্ৰকৃতিৰ তাণ্ডৱলীলাই সেই ঘোষণা যে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব সেই কথাৰ প্ৰমাণ প্ৰকৃতিয়েই দাঙি ধৰিছে।

উল্লেখ্য যেপ্ৰকল্পটোৰ মুঠ ৫ টা ডাইভাৰ্চন টানেলৰ ইতিমধ্যেই ২টা টানেল ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰিছে। আন ৩ টা টানেলে বহন কৰিব পৰা নাই বৰ্তমানৰ সোৱণশিৰি নৈৰ পানীৰ পৰিমাণ । ইফালে যোৱা এটা সপ্তাহে আহি থকা ধাৰাসাৰ বৃষ্টিপাতে বৃদ্ধি কৰিছে সোঁৱণশিৰিৰ জলপৃষ্ঠ। তেনেস্থলত, প্ৰকল্পটোৰ ধ্বংস হোৱা স্থানৰ মেৰামতি বৰ্তমান সম্ভৱ নহয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in