বহিঃৰাজ্যৰ চোৰাং কাঠ ভৰ্তি কণ্টেইনাৰ জব্দ

চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত কাশিকোত্ৰাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা পেট্ৰল পাম্পত দেওবাৰে নিশাৰ ভাগত সন্দেহজনক অৱস্থাত এখন চোৰাং কাঠ কঢ়িয়াই নিয়া দহচকীয়া বহিঃৰাজ্যৰ কন্টেইনাৰ জব্দ কৰে।

author-image
Asomiya Pratidin
New Update
বহিঃৰাজ্যৰ চোৰাং কাঠ ভৰ্তি কণ্টেইনাৰ জব্দ

বহিঃৰাজ্যৰ চোৰাং কাঠ ভৰ্তি কণ্টেইনাৰ জব্দ

ডিজিটেল সংবাদ,  চিৰাং: চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত কাশিকোত্ৰাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা পেট্ৰল পাম্পত দেওবাৰে নিশাৰ ভাগত সন্দেহজনক অৱস্থাত এখন চোৰাং কাঠ কঢ়িয়াই নিয়া দহচকীয়া বহিঃৰাজ্যৰ কন্টেইনাৰ জব্দ কৰে। জব্দ কৰা কন্টেইনাৰ খনৰ পৰা প্ৰায় ২৫ লাখ টকা মূল্যৰ চোৰাং চেগুন কাঠ উদ্ধাৰ কৰে বনবিভাগৰ লোকে। 

Advertisment

এক গোপন সুত্ৰৰ পৰা তথ্য অনুসৰি উজনি অসমৰ পৰা ইউ পি ২১ এ এন ৭১৩১ পঞ্জীয়নৰ চোৰাং কাঠ ভৰ্তি এখন দহচকীয়া কন্টেইনাৰ আহি থকাৰ খবৰ পাইছিল বনবিভাগে। এই তথ্যৰ ভিত্তিত চিৰাং জিলাৰ বন সংমণ্ডলৰ বনকৰ্মী সকলে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত চলাইছিল অভিযান। বনবিভাগৰ লোকে নিদিষ্ট কন্টেইনাৰ খনৰ শুংসূত্ৰ লাভ কৰাৰ আগতেই চিদলী থানাৰ আৰক্ষীয়ে উক্ত কন্টেইনাৰ খন কাশিকোত্ৰা চাৰ্ভিচ ষ্টেচন নামৰ প্ৰেট্ৰল পাম্পত পৰিত্যক্ত অৱস্থাত কন্টেইনাৰ খন জব্দ কৰে। 

ইফালে, আৰক্ষীৰ লোকক দেখি এন্ধাৰৰ সুযোগ লৈ কন্টেইনাৰ খনৰ চালক দল তাৰ পৰা পলায়ন কৰে। আনহাতে, পুৱতিনিশা বনবিভাগৰ লোকে খবৰ লাভ কৰি উক্ত পেট্ৰল পাম্পত আহি উপস্থিত হয় যদিও তেতিয়া তাত চিদলী থানাৰ আৰক্ষীৰ লোক প্ৰত্যক্ষ কৰে । পিছত খবৰ লাভ কৰি সংবাদ মাধ্যমৰ লোক ঘটনাস্থলীত আহি উপস্থিত হয় আৰু বনকৰ্মী সকলৰ সহযোগত তলা বন্ধ কন্টেইনাৰ খনৰ এখন গোপন ছিদ্ৰ দি কেমেৰা সুমুৱাই নিশ্চিত হয় যে জব্দ কৰা কন্টেইনাৰ খনত চোৰাং কাঠ ভৰ্তি কৰা আছে । পিছত চিদলী থানাৰ আৰক্ষীয়ে জব্দ কৰা কন্টেইনাৰ খন চিৰাং জিলা বনসংমণ্ডলক আনুষ্ঠানিক ভাবে গতাই দিয়ে। 

বনবিভাগৰ লোকে কন্টেইনাৰ খন কাজলগাঁৱত লৈ তলা ভাঙি দৰ্জা খোলাৰ পিছত উদ্ধাৰ কৰে বৃহৎ পৰিমাণ মূল্যবান চেগুন কাঠ । চিৰাং বনসংমণ্ডল বিষয়া কুঞ্জন বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে, জব্দ কৰা চেগুন কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ২৫ লাখ টকা হব । সোমবাৰে কন্টেইনাৰ সহ জব্দ কৰা বৃহৎ পৰিমাণৰ চোৰাং চেগুন কাঠখিনি উত্তৰ-পূৰ্বাঞ্চলৰ কোন ৰাজ্যৰ পৰা অনা হৈছিল তাৰ কোনো সঠিক তথ্য বনবিভাগৰ পৰা সদৰি কৰা হোৱা নাই । কিন্তু এটা নিৰ্ভৰযোগ্য সুত্ৰই দাবী কৰা মতে, মিজোৰাম নাইবা অৰুণাচল প্ৰদেশৰ পৰা এনেধৰণৰ চেগুন কাঠ নামনি অসমৰ বৰপেটা, বঙাইগাঁও,  চিৰাং , কোকৰাঝাৰ আৰু ধুবুৰী জিলাত গোপনে আমদানি কৰা হয় । তাৰে দুটা বাহন যদি বৈধ নথিপত্ৰৰে অনা হয় তাৰ বিপৰীতে অবৈধ ভাবে অনা হয় দহটা চোৰাং ভৰ্তি বাহন । এই চোৰাং কাঠৰ ব্যবসায়ত বৈধ/অবৈধ কাঠ ব্যবসায়ী জড়িত থাকে বুলি দাবী কৰে ।

চিৰাং চিদলী চোৰাং কাঠ চিৰাং বন বিভাগ চোৰাং কাঠ ব্যৱসায়ী