/asomiyapratidin/media/media_files/2025/05/01/MTJJO8tTTzDgu2vY4XjD.jpg)
ডিজিটেল ডেস্ক : বিষাক্ত সুৰা পান কৰাৰ পৰিণতিত ৰাজস্থানৰ আলৱাড় জিলাত বিগত ৩দিনত ৮জন লোকে প্ৰাণ হেৰুৱাইছে। ২৬ এপ্ৰিলত প্ৰথমবাৰলৈ এই সুৰা ট্ৰেজেডিত এজন লোকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে।
তাৰ পৰৱৰ্তী দুদিনত আৰু ৭ জন লোকে প্ৰাণ হেৰুৱায়। জিলাখনৰ পাণ্টিপুৰ আৰু কিষাণপুৰ গাঁৱৰ ৩৯-৬৫বছৰ বয়সৰ এই ৮গৰাকীয়ে প্ৰাণ হেৰুৱায়।
উল্লেখ কৰা প্ৰয়োজন যে, আকবৰপুৰ থানাৰ অন্তৰ্গত এলেকাত দীৰ্ঘদিন ধৰি অবৈধ সুৰা মুকলিকৈ বিক্ৰী হোৱাৰ অভিযোগ উঠি আহিছিল। কিন্তু আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাত এই শোকাৱহ ঘটনটো সংঘটিত হ’ল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us