গেলেফুৰ মাইণ্ড ফুলনেছ চিটিৰ বাবে ধুবুৰী ভ্ৰমণ ভূটানৰ কনছুল জেনেৰেলৰ

সাংস্কৃতিক বিনিময় আৰু পৰম্পৰাগত হস্তশিল্পৰ প্ৰচাৰৰ লক্ষ্যৰে গুৰুত্বপূর্ণ পদক্ষেপৰ অংশ হিচাপে ভূটানৰ কনছুল জেনেৰেল জিগমে থিনলে নামগ্যায়েল মঙলবাৰে ধুবুৰীত আহি উপস্থিত হয়।

author-image
Asomiya Pratidin
New Update
গেলেফুৰ মাইণ্ড ফুলনেছ চিটিৰ বাবে ধুবুৰী ভ্ৰমণ ভূটানৰ কনছুল জেনেৰেলৰ

ডিজিটেল সংবাদ ধুবুৰীঃ সাংস্কৃতিক বিনিময় আৰু পৰম্পৰাগত হস্তশিল্পৰ প্ৰচাৰৰ লক্ষ্যৰে এক গুৰুত্বপূর্ণ পদক্ষেপৰ অংশ হিচাপে ভূটানৰ কনছুল জেনেৰেল জিগমে থিনলে নামগ্যায়েল মঙলবাৰে ধুবুৰীত আহি উপস্থিত হয়। ধুবুৰীৰ গৌৰীপুৰৰ আশাৰিকান্দিৰ খ্যাতনামা টেৰাকোটা শিল্পক স্বচক্ষে পৰ্যবেক্ষণ কৰি ভৱিষ্যতে ভূটানৰ গেলেফু চহৰত গঢ়ি উঠা ‘মাইন্ডফুলনেছ চিটি’ প্রকল্পত আশাৰিকান্দিৰ খ্যাতনামা টেৰাকোটা শিল্পক  আনুষ্ঠানিক ৰূপত স্থান দিয়াৰ উদ্যেশ্যে আজি দুপৰীয়া প্ৰায় ১২.৩০ বজাত ভূটানৰ কনছুল জেনেৰেলগৰাকীয়ে ধুবুৰী আৱৰ্ত ভৱনত আহি উপস্থিত হয়।  

Advertisment

আজি তেওঁৰ ভ্ৰমণকালত কনছাল জেনেৰেল জনে আশাৰীকান্দি লৈ গৈ স্বয়ং টেৰাকোটা শিল্পীসকলৰ সৈতে কথা পাতি টেৰাকোটাৰ নিপুণ শিল্পৰ কলা,  পদ্ধতি আৰু সৌন্দৰ্য্যৰ বিষয়ে সূক্ষ্মভাবে পৰ্যবেক্ষণ কৰে। তেওঁৰ মতে,  এই শিল্পূমুহ শিল্পীৰ হাতত প্ৰাণ পাই প্ৰাণৱন্ত হৈ পৰিছে। আশাৰী কান্দি গাঁৱৰ প্ৰায় প্ৰতিটো ঘৰতে টেৰাকোটা শিল্পৰ কাম-কাজ চাই তেওঁ অভিভূত হৈ পৰে।

আনহাতে আশাৰীকান্দি গাঁৱত ভূটানৰ কনছুল জেনেৰেল জনক টেৰাকোটা শিল্পৰ ক্ৰম বিকাশৰ বিভিন্ন দিশবোৰৰ ওপৰত বুজাই দিয়াত সহায় কৰে নৰ্থ ইষ্ট ক্ৰাফ্ট এণ্ড ৰুৰেল ডেভেলপমেণ্ট অৰ্গানাইজেচন চমুকৈ নেকাৰ্ডৰ সঞ্চালক তথা আশাৰীকান্দি টেৰাকোটা জি আই টেগ টীমৰ অধ্যক্ষ বিনয় ভট্টাচাৰ্যই।

বিশ্বস্ত সূত্ৰত পোৱা খবৰ অনুসৰি, ভাৰত আৰু ভূটানৰ মাজত অতি শীঘ্ৰে এখন গুৰুত্বপূর্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ’বলৈ গৈ আছে য’ত ধুবুৰী জিলা প্ৰশাসন আৰু  নেকাৰ্ডৰ সহায়ত এই টেৰাকোটা শিল্পৰ উন্নয়নৰ ক্ষেত্ৰত এক আন্তৰ্জাতিক প্লেটফৰ্ম প্ৰদান কৰা হ’ব বুলি সূত্ৰটোৱে সদৰী কৰিছে। এই চুক্তিয়ে ধুবুৰীৰ পৰম্পৰাগত শিল্পক গ্ল’বেল পৰিসৰত উন্নীত কৰাৰ পথ প্ৰশস্ত কৰিব বুলিও ধাৰণা কৰা হৈছে। 

উল্লেখযোগ্য যে দুই ৰাষ্ট্ৰৰ এই সহযোগিতামূলক প্ৰচেষ্টাৰ ফলতে ধুবুৰীৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্পত জড়িত একাংশ শিল্পীক ভূটানলৈ লৈ গৈ সেই টেৰাকোটা শিল্পত জড়িত শিল্পীসকলে ভূটানৰ স্থানীয় শিল্পীসকলক টেৰাকোটা শিল্পৰ ওপৰত প্ৰশিক্ষণ দিয়া হ'ব বুলি জানিব পৰা গৈছে। এই দ্বিপাক্ষিক বিনিময়ত দুই দেশৰ হস্তশিল্প পৰম্পৰাৰ পাৰস্পৰিক বিকাশ ঘটিব বুলিও ধুবুৰীৰ সচেতন মহলে আশা ব্যক্ত কৰিছে। 

ইপিনে, এই চুক্তিৰ জৰিয়তে আশাৰীকান্দি গাঁৱৰ সামগ্ৰিক বিকাশৰ লক্ষ্যৰে আত্ম সহায়ক গোট,  সমবায় সমিতি আৰু জি আই টেগ টীমকো অন্তর্ভুক্ত কৰা হ’ব বুলি জানিব পৰা গেছে। উল্লেখযোগ্য যে ধুবুৰীৰ গৌৰীপুৰৰ আশাৰীকান্দি টেৰাকোটা গাঁৱৰ শিল্পৰাজিৰ প্ৰতি আকৰ্ষিত হৈ ভূটানে সেই টেৰাকোটা শিল্পক আগস্থান দিয়াৰ ফলশ্ৰুতিতে ভাৰত আৰু ভূটান দুই ৰাষ্ট্ৰৰ মাজত সাংস্কৃতিক আৰু অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত এক আশাপ্ৰদ পদক্ষেপ হিচাপে বিবেচিত হ’ব বুলি ইতিমধ্যে বহুতেই কোৱা-কুই কৰিছে। 

ইয়াৰ লগতে ধুবুৰীৰ গৌৰৱ আশাৰীকান্দিৰ টেৰাকোটাৰ ঐতিহ্য বিশ্বৰ দৰবাৰত স্বীকৃতি লাভৰ পথত আগবাঢ়ি যাব বুলিও আশা কৰা হৈছে। 

ভূটান