ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মঙলবাৰে প্ৰস্তাৱিত মডেল স্কুলৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। গায়ন-বায়ন আৰু মংগল উৰুলিৰ মাজেৰে মডেল স্কুলৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে নগাঁও-বটদ্ৰবা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।
নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভৰ পাছত অনুষ্ঠিত সভাত বিধায়ক ৰূপক শৰ্মাই মন্তব্য কৰে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ গুৰুজনাৰ নামত প্ৰতিষ্ঠা লাভ কৰা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নতুনকৈ আৰম্ভ হ'ব লগীয়া মডেল স্কুল খনৰ পৰা গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ ভবিষ্যত উজ্বল হ'ব।
শিক্ষক-শিক্ষয়িত্ৰী সকলকো নিষ্ঠা আৰু সততাৰে নিজৰ দায়িত্ব পালন কৰি অঞ্চলটোৰ নৱপ্ৰজন্মক পোহৰ দেখুৱাবলৈ আহ্বান জনাই। বিদ্যালয়ৰ ছাত্ৰ চিন্ময় দেৱ গোস্বামীৰ বৰগীতৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ আদৰণি ভাষন প্ৰদান কৰে অধ্যক্ষ অনিল শইকীয়াই।
বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উপেন চন্দ্ৰ কলিতা(বায়ন),বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত,সমাজকৰ্মী ইন্দ্ৰমোহন বৰুৱাকে আদি কৰি অতিথি বৃন্দ,ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকল উপস্থিত থকা অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়াই শিক্ষক দিপাংক গিৰি দেৱ গোস্বামীয়ে।